নগৰবেৰাত শোকাৱহ ঘটনা; পুখুৰীত পৰি দশম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু

0
716
সৰুপেটাত পুখুৰীত গা ধুবলৈ গৈ দুই চিকিৎসক-অভিযন্তা ভাতৃৰ কৰুণ মৃত্যু
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

নগৰবেৰাৰ পথালিপৰাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। পুখুৰীত পৰি এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত।

জানিব পৰা মতে, বিদ্যালয় ছুটিৰ পাছত ঘৰমুৱা পথত সংঘটিত হৈছে এই ঘটনা।

মৃত ছাত্ৰজন দোকুছি আদৰ্শ বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ ৰহিত দাস (১৫) বুলি চিনাক্ত কৰিছে।

বিদ্যালয় ছুটিৰ পাছত ঘৰমূৱা পথত সমনীয়াৰ সৈতে উমলি থকা অৱস্থাত বোকা লাগে ছাত্ৰজনৰ ইউনিফৰ্মত। আৰু ইউনিফৰ্মৰ বোকা ধুৱলৈ ঘৰমূৱা পথৰ কাষতে থকা পুখুৰী এটাত নমাৰ লগে লগে পানীত ডুবি নিৰুদ্দেশ হৈ পৰে ছাত্ৰজন।

পাছত সমনীয়াৰ চিঞৰ বাখৰ শুনি স্থানীয় লোকে পানীত নামি বিচাৰ খোচাৰ কৰে যদিও প্ৰায় এঘন্টামান পাছতহে পুখুৰীৰ পৰা মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ছাত্ৰজনৰ মৃতদেহ।

এই শোকাৱহ ঘটনাই সমগ্ৰ নগৰবেৰা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টিৰ লগতে গভীৰ শোকৰ ছাঁ পেলাইছে৷