নিশা ৰূপহীহাটত আৰক্ষী ডকাইতৰ মাজত সংঘৰ্ষ ! সংঘৰ্ষত গুলীবিদ্ধ এজন সাধাৰণ লোক

0
87

নিশা ৰূপহীহাটত আৰক্ষী ডকাইতৰ মাজত সংঘৰ্ষ ! সংঘৰ্ষত গুলীবিদ্ধ এজন সাধাৰণ লোক

ৰাজ্যৰ বিভিন্ন প্ৰান্তত চুৰি-ডকাইতৰ ঘটনা বাঢ়ি গৈছে | তেনে সময়চোৱাতে নগাঁৱৰ ৰূপহীহাটৰ গুণাবাৰীত নিশা আৰক্ষী আৰু দুটা ডকাইতৰ মাজত সংঘৰ্ষ হয় |

আৰক্ষীয়ে ডকাইতলৈ গুলিচালনা কৰাৰ সময়তে আহত হয় এজন সাধাৰণ যুৱক |

আহত লোক জনৰ নাম হৈছে ৰাজীবুল হক | আৰু আৰক্ষীৰ দুটাকৈ ডকাইতক আটক কৰিছে |

আৰক্ষীয়ে জামালুদ্দিন আৰু জহিৰুল ইছলাম নামৰ ডকাইত দুটাক আটক কৰিছে |

আৰক্ষীয়ে তেওঁলোকৰ পৰা এটা পিষ্টল আৰু দুটা গুলি উদ্ধাৰ কৰিছে |

তাৰ পিছতে এটা মন্তব্য দি নিজৰ ভূল স্বীকাৰ কৰিলে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে |

তেওঁ কয় যে সংঘৰ্ষৰ সময়তে হঠাতে এজন লোক বাইক লৈ পাৰ হৈ যায় |

লোক জনৰ সেই স্থানতে ৰখিবলৈ কোৱা হৈছিল যদিও তেওঁ ৰৈ যোৱা নাছিল |

যাৰ বাবে তেওঁৰ বাইকৰ চকালে লক্ষ্য কৰি গুলিচালনা কৰা হৈছিল |

কিন্তু দুৰ্ভাগ্যবশত গুলিটো লোক জনৰ ভৰিত লাগে | লগে লগে তেওঁ হাস্পতাললৈ লৈ যোৱা হয় | অৱশ্যে লোক জন বৰ্তমান সুস্থ বুলি জানিব পৰা গৈছে |