টিংখাঙত ৪ গৰু চোৰক উত্তম-মধ্যম ৰাইজৰ; আৰক্ষীৰে হতাহতি উত্তেজিত ৰাইজৰ

আৰক্ষীয়ে চোৰ কেইটাক গাড়ীৰে লৈ যোৱাত ৰাইজে পিছে পিছে খেদি যোৱাত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰিব লগীয়া হয়

0
78

টিংখাঙৰ সমীপৰ চৰাইদেউৰ মাহমৰা ৰাঙলী মূলাগাভৰুত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৪ গৰু চোৰক ৰাইজে কৰায়ত্ত কৰি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত চৰাইদেউ জিলাৰ উচ্চ পদস্ত আৰক্ষী বিষয়াৰ লগতে মৰাণহাট আৰু কাকতিবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়। ধৃত চোৰকেইটাক ৰাইজৰ হাতৰ পৰা উদ্ধাৰ কৰি লৈ যাবলৈ লওতে উত্তেজিত জনতাৰ সৈতে আৰক্ষীৰ হতাহতি হয়।

চাওক VIDEO

আৰক্ষীয়ে চোৰ কেইটাক গাড়ীৰে লৈ যোৱাত ৰাইজে পিছে পিছে খেদি যোৱাত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰিব লগীয়া হয়। উত্তেজিত ৰাইজৰ অভিযোগ উক্ত চোৰকেইটাই অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। ধৃত চোৰকেইটাৰ নাম জগৎ গগৈ, সৰু দত্ত, মণি আৰু তপা। এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।

Photo: Time8