
খেলো ইণ্ডিয়াত অঘটন। অসম আৰু মধ্য প্ৰদেশৰ খেলুৱৈৰ মাজত হয় মাৰপিট। পল্টন বজাৰৰ ছাই ফিল্ডত অসমৰ প্ৰান্তজ্যোতি আৰু মধ্য প্ৰদেশৰ খেলুৱৈ হিমাংশু শ্ৰীৱাছৰ মাজত হৈছিল বক্সিং খেল। মধ্য প্ৰদেশৰ খেলুৱৈগৰাকীয়ে বিজয়ী হোৱাৰ পিছতে অসমৰ আন খেলুৱৈসকলক অশ্লীল ইংগিত দিয়াৰ অভিযোগ। ইয়াকে লৈ পিছত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। খেলৰ মাজতে ২ ফৈদৰ মাজত হয় হতাহতি।
অসমৰ প্ৰান্তজ্যোতিৰ পৰাজয়ৰ পিছতে গেলাৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পিছত অসমৰ খেলুৱৈসকলক হাত যোৰ কৰি ক্ষমা খুজিলে মধ্য প্ৰদেশৰ খেলুৱৈ হিমাংশু শ্ৰীৱাছে।
Photo:Time8