দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব উদয় উমেশ ললিত

0
2785

ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব পাৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ উদয় উমেশ ললিত। দেশৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ বাবে ন্যায়াধীশ উদয় উমেশ ললিতৰ নাম প্ৰস্তাৱ কৰিছে।

এন ভি ৰমনাই আইন আৰু ন্যায় মন্ত্ৰীক অৰ্পণ কৰিছে প্ৰস্তাৱ। যদিহে ৰমনাৰ প্ৰস্তাৱ গ্ৰহণ কৰে তেন্তে ন্যায়াধীশ ললিত হ’ব দেশৰ ৪৯ তম মুখ্য ন্যায়াধীশ।

উল্লেখ্য যে অহা ২৬ আগষ্টত অৱসৰ ল’ব ন্যায়াধীশ এন ভি ৰমনাই। এতিয়ালৈকে চলি থকা পৰম্পৰা অনুসৰি তেওঁ ন্যায়াধীশ ইউ ইউ ললিতৰ নাম প্ৰস্তাৱ কৰিছে চৰকাৰক।

ন্যায়াধীশ ইউ ইউ ললিতৰ সম্পূৰ্ণ নাম উদয় উমেশ ললিত। তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ। উচ্চতম ন্যায়ালয়ত এতিয়ালৈকে পোনপটীয়াকৈ কাৰ্যভাৰ গ্ৰহণ কৰা ষষ্ঠজন জ্যেষ্ঠ অধিবক্তা ন্যায়াধীশ ললিত।