মহানগৰ আৰক্ষীৰ বিশেষ ঘোষণা ! ৰঞ্জিৎ বৰাৰ হত্যাকাৰীৰ খবৰ দিওতাক দিব পুৰস্কাৰ

0
46

মহানগৰ আৰক্ষীৰ বিশেষ ঘোষণা ! ৰঞ্জিৎ বৰাৰ হত্যাকাৰীৰ খবৰ দিওতাক দিব পুৰস্কাৰ

মহানগৰ আৰক্ষীয়ে এতিয়াও বিচাৰি পোৱা নাই ৰঞ্জিৎ বৰাৰ হত্যাকাৰীক। সেয়েহে এইবাৰ মহানগৰ আৰক্ষীয়ে এক পদক্ষেপ লৈছে। হত্যাকাৰীক বিচাৰি মহানগৰ আৰক্ষীয়ে এইবাৰ পুৰস্কাৰ ঘোষণা কৰিছে।

ৰঞ্জিৎ বৰাৰ হত্যাকাৰীৰ খবৰ দিওতাক দিয়া হ’ব ২ লাখ টকাৰ পুৰস্কাৰ। উল্লেখ যে সোমবাৰে পাঞ্জাবাৰীত দিন দুপৰতে এই হত্যাকাণ্ডটো সংঘটিত হৈছিল।আৰু তেওঁৰ পৰা আঢ়ৈ লাখ কাঢ়ি লৈ গৈছিল দুৰ্বৃত্ত দুটাই।

তাৰ পিছৰে পৰা আৰক্ষীয়ে হত্যাকাৰীৰ অনুসন্ধান চলাই আছে যদিও বৰ্তমান লৈকে হত্যাকাৰীক ধৰিবলৈ সক্ষম হোৱা নাই। সেয়েহে এইবাৰ হত্যাকাৰীক খবৰ দিওতালৈ পুৰস্কাৰ আগবঢ়োৱা হৈছে।

অৱশ্যে সন্ধান দিওতাৰ নাম গোপনে ৰখাৰ প্ৰতিশ্ৰুতিও দিছে মহানগৰ আৰক্ষীয়ে। আৰক্ষীয়ে হত্যাকাৰীৰ সন্ধান দিবৰ বাবে এটা WhatsApp নম্বৰ মুকলি কৰি দিছে। এই হোৱাটচ আপ নম্বৰটো হৈছে ৬০২৬৯০১২৪৭।