আজিৰে পৰা গুৱাহাটীত চিটি বাছ পিছে মানিব লাগিব বহু নিয়ম, জানিবলৈ পঢ়ক এই বাতৰি

যাত্ৰাৰ বাবে ডাউনলোড্ কৰিব লাগিব ChaloApp

0
70

আজিৰে পৰা দেশত ৩.0- তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ। কিন্তু জ’ন হিচাপে ভাগে ভাগে বহু শিথিল কৰি দিয়া হৈছে লকডাউন। গ্ৰীণ জ’নত বহু ক্ষেত্ৰতে শিথিলতা কৰিছে চৰকাৰে। আৰু পিছলৈ পৰ্যায় ক্ৰমে অৰেঞ্জ আৰু ৰেড জ’নতো কৰিব কিছু কিছু শিথিল।

আজিৰে পৰা ৰাজ্যৰ সমূহ গ্ৰীণ জ’নত চলিব ASTC চিটি বাছ। গুৱাহাটী মহানগৰীয়ো গ্ৰীণ জ’নৰ ভিতৰত পৰাত বহু ক্ষেত্ৰতে শিথিল হৈছে লকডাউন। যাতায়তৰ ক্ষেত্ৰতো আহিছে বহু সুবিধা। পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ মহানগৰাৰী ৰাজ পথত মুঠ ৩০০ খন বাছ চলাৰ অনুমতি।

পিছে যাত্ৰাৰ সময়ত মানি চলিব লাগিব বহু নিয়ম। এই যাত্ৰাৰ বাবে ডাউনলোড্ কৰিব লাগিব ChaloApp। এই এপৰ জৰিয়তে অনলাইন বুকিং কৰিব লাগিব টিকত। কেৱল অনলাইন টিকটেৰে যাত্ৰা কৰিব পাৰিব যাত্ৰীয়ে। অনলাইন টিকট নথকা যাত্ৰী উঠিব নোৱাৰিব বাছত।

লগতে সুৰক্ষাৰ বাবেও বিশেষ সতৰ্কতা জাৰি কৰিছে। মাস্ক অবিহনে যাত্ৰা কৰিব নোৱাৰিব যাত্ৰীয়ে। পাৰিলে যাত্ৰীসকলক গ্লোভছ পৰিধান কৰিবলৈ আহ্বান প্ৰশাসনৰ। সকলোতকৈ উল্লেখযোগ্য, বাছত প্ৰতিখন আসনত এজনকৈহে যাত্ৰী যাহ পাৰিব। বাছত ৫০ শতাংশ আসন খালী ৰাখিব লাগিব। আনহাতে থিয় হৈ যাত্ৰা কৰাটো অপৰাধ ৰূপে গণ্য কৰা হ’ব।

বাছ, ৰাজপথ বা ষ্টেচনত কোনেও থুই পেলাব নোৱাৰিব। অন্যথা এই কঠোৰ আইন ভংগকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে। লগতে বাছসমূহত জীৱ-জন্তু বা তেনে কোনো সামগ্ৰী কঢ়িয়াব নোৱাৰিব।

Photo Credit: Time8