CAAৰ বিৰুদ্ধে চলা প্ৰতিবাদত লক্ষ্ণৌত ১৫০জনক গ্ৰেপ্তাৰ আৰু ১৪ জিলাত ইন্টাৰনেট সেৱা কৰ্তন

সম্বলটো ১৭ জ্ঞাত আৰু ২৫০ অজ্ঞাত লোকৰ বিৰুদ্ধে দাখিল কৰা হৈছে আবেদন

0
36

দেশত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত প্ৰতিবাদ। দিল্লী, লক্ষ্ণৌকে ধৰি কেইবাখনো ৰাজ্যৰ বিভিন্ন অঞ্চলত ১৪৪ ধাৰা জাৰি। লগতে বন্ধ কৰি দিয়া হৈছে মোবাইল ইন্টাৰনেট সেৱাও।

লক্ষ্ণৌৰ হছনগঞ্জত বৃহস্পতিবাৰে এই প্ৰতিবাদী কাৰ্যই লৈছিল হিংসাত্মক ৰূপ। আৰক্ষীৰ বাহন জ্বলাই দিয়াৰ উপৰি আৰক্ষী চকীও ভাঙি চূৰমাৰ কৰি দিয়ে প্ৰতিবাদকাৰীয়ে। লগতে মৃত্যু হয় দুজন প্ৰতিবাদকাৰীৰো।

সেই প্ৰতিবাদ দমনৰ বাবেই লক্ষ্ণৌ আৰক্ষীয়ে গ্ৰেপ্তাৰৰ কৰে মুঠ ১৫০ জন লোক, য’ত ১৯ খন FIR দাখিল কৰা হৈছিল। আনহাতে সম্বলটো ১৭ জ্ঞাত আৰু ২৫০ অজ্ঞাত লোকৰ বিৰুদ্ধে দাখিল কৰা হৈছে আবেদন।

Photo Credit: The Print