19 C
Guwahati
Wednesday, December 1, 2021
More

    ৫ জানুৱাৰীলৈ বন্ধ জামিয়া মিলিয়া ইছলামিয়াৰ চৌহদ

    ভয়াৰ্ত বহু শিক্ষাৰ্থীৰ ঘৰলৈ উভতনি যাত্ৰা

    নাগৰিকত্ব সংশোধনী আইনক কেন্দ্ৰ কৰি জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ চৌহদত উত্তপ্ত পৰিস্থিতি। বিনা অনুমতিত বিদ্যালয়ত আৰক্ষীয়ে অতৰ্কীতে প্ৰৱেশ কৰি ছাত্ৰ–ছাত্ৰীৰ ওপৰত প্ৰহাৰ কৰাক লৈ এতিয়া সৃষ্টি হৈছে হাহকাৰৰ। সেয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অহা ৫ জানুৱাৰীলৈ বন্ধ কৰি দিছে জামিয়াৰ চৌহদ।

    উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইনক কেন্দ্ৰ কৰি দিল্লীত দেওবাৰে আবেলিৰ পৰা প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰিছিল। দিল্লীৰ জামিয়া অঞ্চলত দুষ্কৃতিকাৰীয়ে জ্বলাই দিছিল বাছ। তাৰেই পৰিপ্ৰেক্ষিতত নিৰাপত্তাৰক্ষীয়ে বিশ্ববিদ্যালয়ৰ ছাত্ৰই এই দুষ্কাৰ্য সংঘটিত কৰা বুলি চৌহদৰ ভিতৰৰ পৰাই ছাত্ৰ-ছাত্ৰীক উলিয়াই নি প্ৰহাৰ কৰে। পুথিভঁৰাল আৰু হোষ্টেলৰ পৰা উলিয়াই আনিও ছাত্ৰক প্ৰহাৰ কৰি দিল্লী আৰক্ষীয়ে। আনকি কৰ্তব্যৰত মহিলা সাংবাদিককো প্ৰহাৰ আৰক্ষীৰ। লগতে বহু কেইগৰাকী ছাত্ৰকো ঘটনা সংঘটিত কৰাৰ সন্দেহত আটক কৰে আৰক্ষীয়ে। সেই নিশাই আৰক্ষীৰ এনে বৰ্বৰতাৰ পিছত প্ৰতিবাদী শিক্ষাৰ্থীয়ে ঘেৰাও কৰে দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়।

    বৰ্তমানে সমুহ ছাত্ৰকে ৰেহাই কৰি দিয়াৰ লগতে সমগ্ৰ জামিয়া অঞ্চলটো আৰক্ষীৰ অধীনত স্বাভাৱিক অৱস্থালৈ অনা হৈছে। যদিও ঠাই বিশেষে এতিয়াও প্ৰতিবাদকাৰীয়ে অহৰহ চলাই গৈছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। আনহাতে বিশ্ববিদ্যালয়ত হৈ যোৱা ঘটনাৰ বাবে ভয়াৰ্ত বহু শিক্ষাৰ্থী এতিয়া নিজৰ নিজৰ ঘৰলৈ যাব ধৰিছে যিহেতু ৫ জানুৱাৰীলৈ বন্ধ থাকিব বিশ্ববিদ্যালয়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং