সংগীত শিল্পী মিকা সিঙে পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পৰৱেজ মুছাৰফৰ আত্মীয়ৰ বিয়াত গীত পৰিৱেশন কৰিছিল। AICW-এ ক’লে যে বলীউডত এতিয়া কোনোৱেও কাম কৰিব নোৱাৰিব।
AICWৰ অধ্যক্ষ সুৰেশ শ্যামলাল গুপ্তাই ক’লে যে যদি বাধা প্ৰদান কৰাৰ পিছতো যদি ভাৰতীয় চিনেমা জগতৰ কোনোৱে তেওঁৰ লগত কাম কৰে তেন্তে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
মিকাই কৰাচীত কৰিছিল সংগীতানুষ্ঠান-
মিকাই পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পৰৱেজ মুছাৰফৰ আত্মীয়ৰ আৰু কৰাচীৰ কোটিপতিৰ কন্যাৰ বিয়াত সংগীতানুষ্ঠান কৰিছিল। এই অনুষ্ঠান অনুষ্ঠিত হৈছিল ৮ আগষ্টত আৰু ইয়াৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছিল। এই সন্দৰ্ভত ভাৰতীয় ছচিয়েল মিডিয়া ইউজাৰ্চসকলে মিকাক ট্ৰ’ল কৰিব আৰম্ভ কৰিছিল। টুইটাৰত ইউজাৰ্চসকলে ক’লে খুব লজ্জাজনক, এই দিনটো হে চাবলৈ বাকী আছিল আৰু আপুনিও দেশদ্ৰোহী ওলাল।– এইধৰণৰ মন্তব্য কৰিছিল ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে।