হাস্পতালৰ বিছনাত দয়া, চি আই ডি কৰি সমগ্ৰ দেশতে জনপ্ৰিয় হোৱা দয়াই ক’লে ‘বহুত বিষ আৰু কষ্ট’

0
46537

হাস্পতালৰ বিছনাত দয়া, চি আই ডি কৰি সমগ্ৰ দেশতে জনপ্ৰিয় হোৱা দয়াই ক’লে ‘বহুত বিষ আৰু কষ্ট’

১৫ বছৰে ধৰি ৰাষ্ট্ৰীয় টিভি চেনেল যোগে সম্প্ৰচাৰিত হোৱা অতিতে জনপ্ৰিয় ধাৰাবাহিক চি আই ডি। সেই চি আই ডিৰেই প্ৰতিটো চৰিত্ৰই আজিয়ো ভাৰতীয় দৰ্শকৰ মনে মনে। তাৰেই এটি অন্যতম চৰিত্ৰ দয়া।

এচিপি প্ৰদ্যুমনে দৰ্জা ভঙাৰ সময়ত সদায়ে মনত কৰা দয়া পাছে এতিয়া হাস্পতালত। নিজেই সদৰি কৰিলে কষ্ট আৰু বিষৰ কথা। অৱশ্যে অনুৰাগী সকলে ভয় কৰাৰ কথা নাই। কোনো বিশেষ বেমাৰ হোৱা নাই দয়া তথা দয়ানন্দ শ্বেট্টীৰ।

মূৰত চুলি নথকাৰ বাবে হেয়াৰ ট্ৰাঞ্চপ্লাণ্ট হে কৰালে দয়াই। অৱশ্যে ইয়াৰ বাবে ভুগিব লগা হ’ল বহু কষ্ট । মূৰত অসহ্য় বিষ। মূৰটো কোনো অন্যৰ সংস্পৰ্শলৈ আহিলেই বিষত ভোগে দয়াই।

এই সন্দৰ্ভত দয়াই সদৰে কৰি লিখে যে, এগৰাকী অভিনেতাৰ বাবে তেখেতৰ চুলি কিমান প্ৰয়োজনীয়। যদি চুলিয়ে নাথাকে তেন্তে কাম পাব কৰ পৰা। সেয়ে তেনে সমস্যাত ভুগি হেয়াৰ ট্ৰাঞ্চপ্লাণ্টৰ কাম কৰে দয়ানন্দ শ্বেট্টীয়ে।

সমস্যা সন্দৰ্ভত কয় যে, যি বিষ হয় সেয়া ২০-২১ দিনৰ পাছতে লাহে লাহে কমিবলৈ ধৰে। কেৱল সেই বিশেষ ঠাই খিনি য’ত হেয়াৰ ট্ৰাঞ্চপ্লাণ্ট হৈছে সেই ঠাইত বিষ থাকে।

তাৰ উপৰিও অন্য সমস্যা বুলিবলৈ ট্ৰাঞ্চপ্লাণ্টৰ তৃতীয়-চতুৰ্থ দিন চকুৰ কাষত সামান্য ফুলি উঠিছিল, চেহেৰাত কিন্তু কোনো ধৰণৰ সমস্যা নাছিল। এতিয়া কেৱল সময়লৈহে অপেক্ষা এই ট্ৰাঞ্চপ্লাণ্টৰ পৰনাম কি হয়। তাৰ বাবে কমেও এটা মাহ ৰখিব লাগিব বুলিও সদৰি কৰে দয়াই।