27 C
Guwahati
Thursday, October 14, 2021
More

    ‘মই কাইলৈ পাকিস্তানলৈ যাম,’ পাকিস্তানৰ প্ৰতি সমৰ্থনেৰে কিয় এনেদৰে লিখিলে ক্ৰিছ গেইলে!

    ‘মই কাইলৈ পাকিস্তানলৈ যাম,’ পাকিস্তানৰ প্ৰতি সমৰ্থনেৰে কিয় এনেদৰে লিখিলে ক্ৰিছ গেইলে! – নিউজিলেণ্ড ক্ৰিকেট দলে নিৰাপত্তাৰ খাতিৰত পাকিস্তান ভ্ৰমণ বাতিল কৰি স্বদেশলৈ উভতি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে এই সম্পৰ্কত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৱেষ্ট ইণ্ডিজৰ তাৰকা বেটছমেন ক্ৰিছ গেইলে।

    ক্ৰিছ গেইলে টুইট যোগে কাইলৈ মই পাকিস্তানলৈ যাম মোৰ সৈতে আৰু কোন যাব বুলি প্ৰশ্ন কৰে।

    নিউজিলেণ্ড ক্ৰিকেট দলে পাকিস্তান শৃংখলা বাতিল কৰাৰ পাছতে পাকিস্তানৰ সমৰ্থনত এইদৰে টুইট কৰে ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ গৰাকীয়ে।

    ক্ৰিছ গেইলৰ টুইটৰ পাছতে প্ৰাক্তন পাকিস্তানী বেগী বলাৰ মহম্মদ আমিৰ আৰু বৰ্তমানৰ তাৰকা পাকিস্তানী বেটছমেন মহম্মদ হাফিজে ক্ৰিছ গেইলক প্ৰশংসা কৰি পাকিস্তানৰ পৰা গেইললৈ বহুত শুভেচ্ছা বুলি মন্তব্য কৰে।

    উল্লেখযোগ্য যে, নিউজিলেণ্ডে ২০০৩ চনৰ পৰা পাকিস্তানত কোনোধৰণৰ ক্ৰিকেট খেলত অংশগ্ৰহণ কৰা নাছিল এইবাৰ বহু বছৰৰ বিৰতিৰ অন্তত সীমিত অভাৰৰ ক্ৰিকেট খেলত অংশগ্ৰহণৰ বাবে নিউজিলেণ্ড দল পাকিস্তানত উপস্থিত হৈছিল যদিও খেল আৰম্ভ হোৱাৰ অন্তিম সময়ত নিউজিলেণ্ডে নিৰাপত্তাৰ খাতিৰত পাকিস্তান ত্যাগ কৰাৰ সিদ্ধান্ত লয়।

    নিউজিলেণ্ডৰ এই আকস্মিক সিদ্ধান্তৰ পাছতে সমগ্ৰ বিশ্বত বৰ্তমান পাকিস্তানৰ নিৰাপত্তা পৰিস্থিতিক লৈ চৰ্চা চলিছে।

    আৰু পঢ়ক : দলঙৰ তলত উদ্ধাৰ যমজ দুই কন্যা সন্তানৰ মৃতদেহ, আৰক্ষীৰ অনুমান বয়স প্ৰায় ৩ মাহ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং