মাস্ক পিন্ধি বিদ্যালয়লৈ অহাৰ বাবেই ১৩ বছৰীয়া ছাত্ৰক নিৰ্মম প্ৰহাৰ চকীদাৰৰ

0
280

এজন ১৩ বছৰীয়া ছাত্ৰক তালিবানি শাস্তি বিদ্যালয়ৰ চকীদাৰৰ। চকীদাৰজনে ছাত্ৰজনক নিৰ্মম ভাৱে প্ৰহাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে মহানগৰীৰ সমীপৰ সোণাপুৰত।

সোণাপুৰ ডিগাৰুৰ মাজকুছি বুঢ়ীগোসানী মধ্য ইংৰাজী বিদ্যালয় চকীদাৰৰ ৰোষৰ বলি হৈছে ১৩ বছৰীয়া ছাত্ৰজন।

চকীদাৰজনৰ নাম অজিত তাঁতি বুলি জানিব পৰা গৈছে।

মাস্ক পৰিধান কৰি যোৱাৰ বাবেই ছাত্ৰ জনক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

এই ঘটনাক কেন্দ্ৰ কৰি ছাত্ৰজনৰ পিতৃ-মাতৃয়ে এতিয়া সোণাপুৰ আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰে।

অভিযোগ লাভ কৰাৰ পিছতে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰি সোণাপুৰ আৰক্ষীয়ে আটক কৰে চকীদাৰজনক।

আটকাধীন লোকজনক বৰ্তমান আৰক্ষীয়ে সোধা-পোচা অব্যাহত ৰাখিছে।