31 C
Guwahati
Monday, September 20, 2021
More

    চীনা বৈদেশিক মন্ত্ৰীৰ সৈতে তালিবানৰ বৈঠক, উইঘুৰ বিচ্ছিন্নতাবাদীক লৈ উদ্বিগ্ন বেইজিং

    চীনা বৈদেশিক মন্ত্ৰীৰ সৈতে তালিবানৰ বৈঠক, উইঘুৰ বিচ্ছিন্নতাবাদীক লৈ উদ্বিগ্ন বেইজিং

    আফগানিস্তাত গৃহযুদ্ধ সদৃশ পৰিস্থিতিৰ মাজতে চীনৰ বৈদেশিক মন্ত্ৰীক সাক্ষাৎ কৰে তালিবানৰ প্ৰতিনিধি দলে।

    সূত্ৰৰ খবৰ অনুসৰি, এই সাক্ষাৎ কালত আফগানিস্তানৰ বৰ্তমান পৰিস্থিতি আৰু উইঘুৰ বিচ্ছিন্নতাবাদী সম্পৰ্কে চীনা বৈদেশিক মন্ত্ৰী আৰু তালিবানৰ প্ৰতিনিধিৰ মাজত আলোচনা হৈছে বুলি জানিব পৰা গৈছে।

    হংকংস্থিত চীনা সংবাদ মাধ্যম ‘চাউথ চাইনা মৰ্ণি পোষ্ট’-ৰ খবৰ অনুসৰি বুধবাৰে উত্তৰ চীনৰ তিয়ানঝিন চহৰত তালিবানৰ প্ৰধান মধ্যস্থতাকাৰী আব্দুল ঘানি বাৰাদাৰ আৰু মুখপাত্ৰ চুহেল চাহিনৰ নেতৃত্বত অহা প্ৰতিনিধি দলৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে চীনৰ বৈদেশিক মন্ত্ৰী ওয়াং ইয়ে।

    উল্লেখযোগ্য যে, আফগানিস্তানত তালিবানৰ উত্থানৰ পাছতে উইঘুৰ বিচ্ছিন্নতাবাদীৰ শক্তি বৃদ্ধি হোৱাৰ আশংকা ব্যক্ত কৰিছে বেইজিং মহলে।

    ঝিনপিং প্ৰশাসনৰ আশংকা অনুসৰি চীনৰ চিনজিয়াং প্ৰদেশত পৃথক উইঘুৰ ৰাষ্ট্ৰ গঠনৰ বাবে চলি অহা যুদ্ধত তালিবানৰ একাংশই সহায় কৰিব পাৰে। ইতিমধ্যে বেইজিং প্ৰশাসনে তালিবানে সন্ত্ৰাসবাদীক আশ্ৰয় প্ৰদান কৰা, প্ৰশিক্ষণ প্ৰদান কৰা আদি প্ৰসংগলৈ তালিবানৰ ওচৰত নিজৰ উদ্বেগ প্ৰকাশ কৰিছে।

    বিগত জুন মাহত আফগানিস্তান আৰু পাকিস্তানৰ প্ৰতিনিধিৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকতো তালিবানক মূল সূতিৰ ৰাজনীতিৰ মাজলৈ ঘুৰাই অনাৰ বাবে চীনে যথাসাধ্য প্ৰচেষ্টা অব্যাহত ৰখাৰ কথা ঘোষণা কৰিছিল।

    উল্লেখযোগ্য যে, আফগানিস্তানত ভাৰতৰ প্ৰভাৱ নিশেষ কৰাৰ বাবে পাকিস্তানে তালিবানক সহায় কৰি কৰি আহিছে বুলি আফগান চৰকাৰে বাৰে বাৰে অভিযোগ কৰি আহিছে।

    আৰু পঢ়ক : কাছাৰত পুনৰ দুৰ্বৃত্তৰ গুলীচালন, অঞ্চলজুৰি সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতিৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং