22 C
Guwahati
Thursday, January 20, 2022
More

    ‘জীৰো কভিড পলিচি’ৰ ভয়ংকৰ ৰূপ ! ধাতুৰ বাকচত আৱদ্ধ কৰা হৈছে কৰ’ণা আক্ৰান্তক

    ‘জীৰো কভিড পলিচি’ৰ ভয়ংকৰ ৰূপ ! ধাতুৰ বাকচত আৱদ্ধ কৰা হৈছে কৰ’ণা আক্ৰান্তক

    সমগ্ৰ বিশ্ব তথা মানৱ জাতিক কৰণা উপহাৰ দিয়া চীনত এতিয়া ‘জীৰো কভিড পলিচি’। কিন্তু এই পলিচিৰ বাবে এতিয়া অতিকে কঠোৰ হৈ পৰিছে দেশ। দেশৰ কৰণা আক্ৰান্ত লোকক জোৰ কৈ আৱদ্ধ কৰা হৈছে ধাতু তথা মেটেলৰ বাকচত ।

    সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে চীনৰ তেনেই এক ভয়ংকৰ দৃশ্য। যি দৃশ্য দেখি চীনত মানৱ অধিকাৰ আছেনে বুলি এক সন্দেহৰ প্ৰশ্নৰ অৱতাৰণা হৈছে। কঠোৰ নিয়মৰ নামত দেশখনৰ নাগৰিকৰ সৈতে কেনে ব্য়ৱহাৰ কৰি আছে চীনে তাকেই প্ৰকাশ পাইছে।

    এক বেয়া সপোনৰ দৰে হৈ পৰিছে দেশ খনৰ কৰণা ভাইৰাছত আক্ৰান্ত লোক সকলৰ জীৱন। কৰণা আক্ৰান্ত মানেই ধাতুৰে নিৰ্মিত একেবাৰে সৰু এটা বাকচৰ দৰে কোঠাৰ ভিতৰত আৱদ্ধ কৰি ৰাখিছে লোক সকলক। দেশখনৰ নাগৰিকেই কৈছে বহু লাখ লাখ লোক এতিয়াও কৰণাত আক্ৰান্ত।

    তাৰোপৰি যদিহে দেশ খনত পুনৰ লকডাউনৰ দৰে ব্যৱস্থা হয় তেন্তে মৃত্যু নিশ্চিত বুলি ভাৱি বহু লোকেই সুৰক্ষিত স্থানলৈ পলায়ন কৰিছে। তিয়ানজিন চহৰ এৰি মাজনিশাও পলায়ন বহু লোকৰ। যিয়ে যেনেকৈ পাৰিছে খোজকাঢ়ি হলেও চহৰ খন ত্যাগ কৰিবলৈ চেষ্টা কৰিছে।

    সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে চহৰ খনৰ তেনে ধৰণৰ বহু দৃশ্য কোনোৱে যদি বাছেৰে, কোনোৱে লোহাৰ গ্ৰীল ভাঙিয়েই পলায়নৰ চেষ্টা চহৰখনৰ পৰা।

    আৰু পঢ়ক : আসুৰীক অত্যাচাৰ, দলবদ্ধ ধৰ্ষণ আৰু অকথ্য নিৰ্যাতন চলোৱা কিশোৰীক ৮ ঘণ্টা ধৰি অস্ত্ৰোপ্ৰচাৰৰ অন্তত কোনোমতে প্ৰাণ ৰক্ষা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং