26.7 C
Guwahati
Monday, September 20, 2021
More

    চীনত প্ৰাকৃতিক দুৰ্যোগ; ধাৰাসাৰ বৰষুণে প্ৰাণ কাঢ়িলে ২৫ গৰাকী লোকৰ

    চীনত প্ৰাকৃতিক দুৰ্যোগ; ধাৰাসাৰ বৰষুণে প্ৰাণ কাঢ়িলে ২৫ গৰাকী লোকৰ

    মধ্য চীনৰ হেনান প্ৰদেশত হোৱা মুষলধাৰ বৰষুণৰ ফলত এই পৰ্যন্ত ২৫ গৰাকী লোকে মৃত্যুমুখত পৰিছে। আনহাতে ৭ জন লোক সন্ধানহীন হৈ থকাৰ কথাও উল্লেখ কৰে স্থানীয় কৰ্তৃপক্ষই।

    নিউজ এজেন্সি ছিনহুৱাই হেনান প্ৰাদেশিক বান নিয়ন্ত্ৰণ কাৰ্যালয়ৰ সঞ্চালক জু ঝঙৰ উদ্ধৃতিৰে কয় যে ১৬ জুলাইৰ পৰা হোৱা নেৰানেপেৰা বৰষুণ ফলত ৮৯ খন কাউণ্টি, মহানগৰ জিলাৰ ১২.৪ নিযুতৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ১৬৪,৭১০ গৰাকী লোকক সুৰক্ষিত স্থানলৈ অনা হৈছে।

    প্ৰাকৃতিক দুৰ্যোগে ৭৫ হাজাৰ হেক্টৰ শস্য ক্ষতিগ্ৰস্ত কৰিছে, যাৰ ফলত প্ৰায় প্ৰত্যক্ষভাৱে ৫৪২ নিযুত ইউয়ান (৮৩ নিযুত ডলাৰ) অৰ্থনৈতিক লোকচান হৈছে।

    পিপলছ লিবাৰেচন আৰ্মীৰ (পিএলএ) চেণ্ট্ৰেল থিয়েটাৰ কমাণ্ডে উদ্ধাৰ অভিযানৰ বাবে ৫,৭০০ তকৈও অধিক সৈনিক, সশস্ত্ৰ আৰক্ষী সৈনিকক মোতায়েন কৰিছে।

    প্ৰাদেশিক বতৰ বিজ্ঞান পৰ্যৱেক্ষণালয়ৰ মতে, বৃহস্পতিবাৰৰ দুপৰীয়া ২ বজালৈকে হেনানত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

    আৰু পঢ়ক : ২৫৬ গৰাকী ফুটপাথত সামগ্ৰী বিক্ৰেতা কোটি কোটি টকাৰ মালিক, পান কাৰ্ডে ধৰা পেলাই দিলে সকলো

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং