চীনে অৱশেষত স্বীকাৰ কৰিছে যে গলৱান উপত্যকাত ভাৰতৰ সৈতে হোৱা হিংসাত্মক সংঘৰ্ষত তেওঁলোকৰ ৪ জন সৈনিকৰ লগতে এজন কমাণ্ডাৰ নিহত হৈছিল।
চীনা চৰকাৰে মৰণোত্তৰভাৱে ৪ জন সৈনিকক আৰু এজন কৰ্ণেলক সাহসীকতাৰ পদক ঘোষণা কৰাৰ পিছতে এই কথা পোহৰলৈ আহে।
দেশখনৰ এখন বাতৰি কাকতত প্ৰকাশ পাই যে ২০২০ চনৰ জুন মাহত সীমাকেন্দ্ৰিক বিবাদৰ সময়ত প্ৰাণ হেৰুওৱা চাৰিজন চীনা সৈনিকক মৰণোত্তৰভাৱে সন্মানীয় উপাধি আৰু প্ৰথম শ্ৰেণীৰ অৰ্হতা বঁটা প্ৰদান কৰা হয়। এই ঘোষণাটো কেন্দ্ৰীয় সামৰিক আয়োগে কৰিছিল।
দেশৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতা সুৰক্ষিত কৰিবলৈ প্ৰাণ আহুতি দিয়া বীৰসকলৰ ত্যাগক স্মৰণ কৰি কেন্দ্ৰীয় সামৰিক আয়োগে প্ৰথমবাৰৰ বাবে তেওঁলোকৰ নাম প্ৰকাশ কৰিছে বুলি স্থানীয় সংবাদ মাধ্যমে কয়।
নিহত হোৱা সৈনিক সকলৰ নাম হৈছে-
কমাণ্ডাৰ : কি ফেবাও
সৈনিক : চেন হংজুন, চেন জিয়ানগং, জিঅ’ চিইউয়ান আৰু ৱাং জুওৰান
চীনা চৰকাৰৰ চৰকাৰী সংবাদ মাধ্যম গ্লোবেল টাইমছ আৰু পিপ’লছ দৈনিকে এই খবৰটো নিশ্চিত কৰিছে।
শুকুৰবাৰে চীনৰ কেন্দ্ৰীয় সামৰিক আয়োগে নিহত ৫ জন সৈনিকৰ বাবে প্ৰথম শ্ৰেণীৰ মেধা প্ৰশংসা পত্ৰ আৰু সন্মানসূচক উপাধি ঘোষণা কৰে।
ইয়াত কোৱা হৈছে, ‘চেন হংজুনক ৰাষ্ট্ৰীয় ক্ষেত্ৰৰ প্ৰতিৰক্ষাৰ বাবে ‘নায়ক’ সন্মানীয় উপাধি প্ৰদান কৰা হৈছে। চেন জিয়ানহং, জিঅ’ চিয়ুয়ান আৰু ৱাং জুৰানক প্ৰথম শ্ৰেণীৰ মেধা উদ্ধৃতিৰে সন্মানিত কৰা হৈছে। সংঘৰ্ষৰ সময়ত জোৱানসকলক নেতৃত্ব দিয়া কি ফেবাওক নায়ক কৰ্ণেল উপাধিৰে সন্মানিত কৰা হৈছে’।
চীনে অৱশেষত নিহতৰ সংখ্যা প্ৰকাশ কৰিছে যদিও প্ৰকৃততে এই সংখ্যা যে আৰু অধিক হ’ব পাৰে বুলি ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমে প্ৰকাশ কৰিছিল।
উল্লেখ্য যে ৰাছিয়ান চৰকাৰী সংবাদ মাধ্যম টি এ এছ এছে ভাৰতৰ সৈতে হোৱা সংঘৰ্ষত প্ৰায় ৪৫ জন চীনা সৈনিক নিহত হোৱা বুলি প্ৰকাশ কৰিছিল।
আৰু পঢ়ক : গুৱাহাটীৰ পেলিকান প্লাজা ফ্লেটত গুণ্ডাবাহিনীৰ দল, এজনৰ পিছত আনজন আৱাসীক প্ৰহাৰ