
“২২ বছৰৰ পৰা ৩০ বছৰ বয়সত সন্তান জন্ম দিব লাগে,’’যিসকলে বিয়া কৰোৱা নাই সোনকালে সোনকালে বিয়া পাতি ল’ব” মুখ্যমন্ত্ৰী গৰাকীয়ে এনেদৰে কিয় মন্তব্য কৰিব লগা হ’ল জানেনে!
২২ বছৰৰ পৰা ৩০ বছক বয়সত সন্তান জন্মদিব লাগে!’’যিসকলে বিয়া কৰোৱা নাই সোনকালে সোনকালে বিয়া পাতি ল’ব’
স্বাস্থ্য বিভাগত নতুন নিযুক্তি প্ৰদান কৰি গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা অনুসৰি, “১৮ বছৰৰ তলৰ ছোৱালীক বিয়া কৰালে সেই বিয়াখন আইন মতে গ্ৰহণযোগ্য নহয়। বাল্যবিবাহ আৰু কম বয়সত সন্তান জন্ম দিয়া ব্যৱস্থা ৰোধ কৰিব পাৰিলে প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ হাৰ ৰোধ কৰিব পৰা যাব” বুলি তেওঁ কয়।
আনহাতে তেওঁ কয় যে, “কম বয়সত যিদৰে মাতৃ হ’ব নালাগে সেইদৰে বেছি বয়সতো মাতৃ হ’ব নালাগে। বেছি বয়সত মাতৃ হ’লেও অসুবিধা থাকে বুলি উল্লেখ কৰি তেওঁ কয় যে, ২২ বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত সন্তান জন্ম দিব লাগে।
এই বয়স সন্তান জন্ম দিয়াৰ উপযুক্ত সময়। বেছি বয়সত সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত শৰীৰটোৱে নামানে বুলি তেওঁ উল্লেখ কৰি বিয়া নপতাসকলক উপযুক্ত বয়সত বিয়া কৰাৰ বাবে ৰসিকতাৰে আহ্বান জনায়।