কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা !নিশা মাতৃৰ কাষৰ পৰাই দুবৃত্তই দাঙি নিলে শিশুক
কলিয়াবৰত এক নিশা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। শুই থকাৰ অৱস্থাত দুবৃত্তই দাঙি নিলে ছয়বছৰীয়া কন্যা শিশুক।
কলিয়াবৰৰ ১ নং হাতীগাওঁ চাহ বাগিছাত ১৭ নং লাইনত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো।জানিব পৰা মতে আহমেদ আলি নামৰ ব্যক্তিজনৰ ছবছৰীয়া কন্যা শিশুটিক নিশা দুই মান বজাত দুৰ্বৃত্তই মাতৃৰ লগত শুই থকাৰ পৰাই দাঙি লৈ যায়।
পিছত শিশুটোৱে চিঞয় বাখৰ কৰাত বাগিছাৰ মাজত পেলাই থৈ যায় শিশুটো। দুৰ্বৃত্তই ঘৰৰ পৰা এটা মোবাইল ফোন আৰু কিছু পইচা নিয়ে।
ঘটনাৰ সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হৈছিল যদিও বৰ্তমানেও উপস্থিত হোৱা নাই আৰক্ষী।ঘটনাটোক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে।
Input-Dipu bora