সোণাৰিত নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত লম্পটক আটক কৰি ৰাইজৰ উত্তম মধ্যম

পিছত ৰাইজে সোণাৰি আৰক্ষীক গতাই দিয়ে লম্পটতোক

0
119

সোণাৰিত নাবালিকাক ধৰ্ষণ কৰাৰ অপচেষ্টা এজন লম্পট ব্যৱসায়ীৰ। আইদেউ বাৰী বাগিছা গাঁৱৰ গেলামালৰ ব্যৱসায়ী বম বাহাদুৰ নেৱাৰে ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা সামগ্রী ক্ৰয় কৰিবলৈ অহা এগৰাকী দহ বছৰীয়া নাবালিকাক নিৰ্জনতাৰ সুযোগ গ্ৰহণ কৰি ধৰ্ষণৰ চেষ্টা চলাই। কিন্তু কথমপি ৰক্ষা পৰে নাবালিকা গৰাকী।

পৰৱৰ্তী সময়ত ৰাইজে উত্তম মধ্যম সোধাই সোণাৰি আৰক্ষীক গতাই দিয়ে লম্পট বম বাহাদুৰক। পূৰ্বেও এনে অপকৰ্মত জড়িত থকাৰ অভিযোগ এইজন লম্পট ব্যৱসায়ীৰ বিৰুদ্ধে।

ঘটনাৰ বিবৰণি মতে সোণাৰি নগৰৰ সমীপৰ আইদেউবাৰী চাহ বাগিচাৰ নিবাসী বাম বাহাদুৰ নেৱাৰ (৪৪) নামৰ লম্পট এটাই আজি তাৰ দোকানত ওচৰৰে এগৰাকী দহ বছৰীয়া নাবালিকাক দোকানত কিবা সামগ্ৰী নিবলৈ আহোঁতে আন কোনো গ্ৰাহক নথকাৰ সুযোগ গ্ৰহণ কৰি ফুচুলাই নি যৌন নিৰ্যাতন চলোৱাৰ চেষ্টা চলাই।

পিছে কণমানিজনীয়ে চিঞৰ বাখৰ কৰাত ওচৰত পাজৰৰ ৰাইজ ঘটনাস্থলীত উপস্থিত হয়। কণমানিজনীয়ে ঘটনাৰ সন্দৰ্ভত বিৱৰী কোৱাত ৰাইজে লম্পটটোক কৰায়ত্ত কৰি কাণত ধৰাই উঠা বহা কৰোৱাই উত্তম মধ্যম দি সোণাৰি আৰক্ষীক গতাই দিয়ে।

Input and Photo Credit: Hansang Kuwar