26 C
Guwahati
Friday, October 15, 2021
More

    ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ লগত বিয়াত বহিল ৩৬ বছৰীয়া যুৱক মইজুদ্দিন, হঠাৎ উপস্থিত আৰক্ষী, পিছত…

    ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ লগত বিয়াত বহিল ৩৬ বছৰীয়া যুৱক মইজুদ্দিন, হঠাৎ উপস্থিত আৰক্ষী, পিছত…

    শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ লালেটাপুত এগৰাকী নাবালিকা তথা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীক বিবাহ কৰাবলৈ আহি মঙলবাৰে নিশা প্ৰায় ১১ মান বজাত আৰক্ষীৰ হাতত আঠ জনকৈ ব্যক্তি আটক হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি হৈছে।

    অঞ্চলটোৰ দীঘলীচাপৰিৰ হাফিজুল ৰহমান নামৰ ৩৬ বছৰীয়া যুৱক জনে লালেটাপুৰ মইজুদ্দিন আলিৰ নাবালিকা কন্যা তথা চবিলাল এম ই স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীক বিবাহ কৰাই থকা অৱস্থাতে নিশা ১১বজাত বিবাহস্থলীত বিশেষ সূত্ৰৰ পমখেদি জামুগুৰি আৰক্ষী উপস্থিত হয়।

    আৰক্ষীৰ উপস্থিতিৰ উমান পাই দৰা কইনা পলায়ন কৰে যদিও আৰক্ষীয়ে বিবাহ কাৰ্যত সহযোগ কৰা সাতজনকৈ ব্যক্তিক আটক কৰি জামুগুৰি আৰক্ষী থানালৈ লৈ আহে।

    নদুৱাৰ ৰাজহ চক্ৰৰ অতিৰিক্ত ৰাজহ চক্ৰ বিষয়া মন্টুছ চক্ৰৱৰ্তীৰ নেতৃত্বত জামুগুৰি আৰক্ষীয়ে বাল্যবিবাহৰ বিৰুদ্ধে মঙলবাৰে নিশা চলোৱা অভিযানক একাংশ স্থানীয় ৰাইজেও সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে শীঘ্ৰেই বাল্য বিবাহ খনৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সহযোগ কৰা সকলক আৰক্ষীয়ে তদন্তৰ জৰিয়তে বিচাৰ কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ সক্ষম হয় বুলিও ব্যক্ত কৰিছে স্থানীয় ৰাইজে ।

    ইনপুট: প্ৰাঞ্জল বৰুৱা

    আৰু পঢ়ক : অহা ১ অক্টোবৰৰ পৰা মেট্ৰিক-হাই মাদ্ৰাছাৰ ‘বিশেষ পৰীক্ষা’

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং