মহানগৰীত চাঞ্চল্যকৰ ঘটনা ! মাতৃৰ সমুখতে অপহৰণৰ চেষ্টা শিশুক

0
2901

মহানগৰীত চাঞ্চল্যকৰ ঘটনা ! মাতৃৰ সমুখতে অপহৰণৰ চেষ্টা শিশুক

গুৱাহাটীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এটি ৫ বছৰীয়া কন্যা শিশুক অপহৰণৰ চেষ্টা। জানিব পৰা মতে মাতৃৰ সৈতে এখন দোকানলৈ আহিছিল শিশুটি। দোকানখনতে অভিজিৎ সেন গুপ্তা নামৰ লোকজনে চকলেট খুৱাই শিশুটিক অপহৰণৰ চেষ্টা কৰিছিল।

ছুপাৰ মাৰ্কেটত সংঘটিত হৈছে এই ঘটনাটো।অৱশ্যে মাতৃৰ সহযোগত স্থানীয় লোকৰ তৎপৰতাত ৰক্ষা পৰিল কণমানিজনী। পিছত দিছপুৰ আৰক্ষীয়ে আটক কৰে অভিজিৎ সেন গুপ্তাক।

আটক কৰাৰ পিছত আৰক্ষীয়ে জেৰা আৰম্ভ কৰিছে। ৫ বছৰীয়া কন্যা শিশুটি হাতীগাঁৱৰ লিটল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী বুলি জানিব পৰা গৈছে।