বৰ্ধিত বিদ্যুৎ বিল সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ টুইট, ‘বিদ্যুতৰ কোনো ধৰণৰ কৰ বৃদ্ধি হোৱা নাই’, লগতে…

0
145

বৰ্ধিত বিদ্যুৎ বিল সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ টুইট, ‘বিদ্যুতৰ কোনো ধৰণৰ কৰ বৃদ্ধি হোৱা নাই’, লগতে…

বিগত কিছুদিন ধৰি সামাজিক মাধ্যমত ভাইৰেল হৈ আছে ৰাজ্যৰ বহু লোকে সন্মুখিন হোৱা বৰ্ধিত বিদ্যুতৰ বিলৰ সমস্যাৰ বিষয়টো। যি বিষয়টো সন্দৰ্ভত বহুতেই বহু ধৰণে মন্তব্য আগবঢ়াই সামাজিক মাধ্যমত।

পাছে এই সকলোবোৰৰ বিপৰীতে অৱশেষত মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যম টুইটাৰ যোগে সদৰি কৰে এক বিশেষ টুইট। টুইট কৰি মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ ‘বিদ্যুতৰ কোনো ধৰণৰ শুল্ক বৃদ্ধি হোৱা নাই’।

এয়া নতুনকৈ স্থাপন কৰা স্মাৰ্ট মিটাৰৰ বাবেই হোৱা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। তেখেতে কয়, নতুনকৈ স্থাপন কৰা কিছুমান স্মাৰ্ট মিটাৰত ত্ৰুটিপূৰ্ণ ৰিডিং তথা পঢ়াৰ বাবেই এনে হৈছে।

সেয়ে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (Assam Power Distribution Company Limited (APDCL))ক জৰুৰীভাৱে এই ত্ৰুটিপূৰ্ণ স্মাৰ্ট মিটাৰবোৰ ঠিক কৰাৰ বাবে নিৰ্দশনা দিয়ে।

উল্লেখ্য যে, বিগত কেইবাদিনো ধৰি বহু লোকেই অভিযোগ উত্থাপন কৰি আছিল যে, পূৰ্বৰ তুলনাত এইবাৰৰ বিদ্যুতৰ মাচুল বহুলাংশে বৃদ্ধি পাইছে। কাৰোবাৰ কাৰোবাৰ দুগুৰে বৃদ্ধি পোৱা বুলিও দাবী।

সেয়ে বহুতেই বিশ্বাস কৰিছিল যে, চৰকাৰে একো নজনোৱাকৈ বিদ্যুতৰ ওপৰত শুল্ক তথা কৰ তথা টেক্স বৃদ্ধি কৰিছে । বিৰোধী দলেও এই ক্ষেত্ৰত সৰৱ হৈ পৰা দেখা গৈছিল।

সাংবাদিকৰ প্ৰশ্নৰ সন্মুখিন হৈ অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে আনকি কৈছিল চৰকাৰী কৰ্মচাৰীৰ দৰমহাও বৃদ্ধি পাইছে, সেয়ে বিদ্যুতৰো মাচুল বৃদ্ধি পাইছে। লগতে স্মাৰ্ট মিটাৰৰো বিসংগতিৰ কথা উল্লেখ কৰিছিল।

আনহাতে ৰাজ্যৰ শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচেও এই ক্ষেত্ৰত কৈছিল এই বিষয়টো গুৰুত্ব সহকাৰে লোৱা হৈছে। এই সমস্যা সমাধানৰ বাবে বিশেষ বৈঠকৰ আয়োজন কৰাৰ কথা উল্লেখ কৰিছিল।

অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়টো সন্দৰ্ভত টুইট কৰি বিষয়টোৰ সমস্যা সমাধানৰ সন্দৰ্ভত মন্তব্য আগবঢ়ায়।