33 C
Guwahati
Monday, September 26, 2022
More

    বিদ্যুৎ বিলৰ সমস্যা! চিন্তা নাই মুখ্যমন্ত্ৰীয়ে সদৰি কৰিলে ইয়াৰ পৰা পৰিত্ৰাণৰ উপায়, অহা মাহৰ বিলত মিলি যাব সকলো

    বিদ্যুৎ বিলৰ সমস্যা! চিন্তা নাই মুখ্যমন্ত্ৰীয়ে সদৰি কৰিলে ইয়াৰ পৰা পৰিত্ৰাণৰ উপায়, অহা মাহৰ বিলত মিলি যাব সকলো

    বিদ্যুৎ বিলৰ সমস্যা এইবাৰ অসমৰ প্ৰায় প্ৰতিঘৰ মানুহেই সন্মুখিন হৈছিল। সকলোৱে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল এই সমস্যাৰ বিষয়ে। যাৰ পাছতে বহু লোকেই উত্থাপন কৰিছিল বিদ্যুতৰ ওপৰত অধিক কৰ বৃদ্ধিৰ প্ৰশ্ন।

    বিৰোধীয়েও তীব্ৰ প্ৰতিবাদ কৰিছিল এই বিষয়ত। পাছে সেই সকলো বোৰৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে টুইট যোগে সদৰি কৰিছিল এয়া মূলতঃ নতুন স্মাৰ্ট মিটাৰৰ সমস্যা। যি সমস্যা সমাধানৰ বাবে অসম শক্তি বিতৰণ সন্থাক নিৰ্দেশো দিছিল।

    সেই মন্তব্যৰ পাছতে আজি সেই সকলো সমস্যা সমাধানৰ বিষয়ে উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয়, ইতিমধ্যে এই সমস্যা সন্দৰ্ভত প্ৰায় ৪০০ পৰিয়ালৰ মাজত এক সমীক্ষা চলোৱা হৈছিল।

    মুখ্যমন্ত্ৰীয়ে সদৰি কৰা অনুসৰি, যি সমীক্ষাত প্ৰকাশ পাইছিল সেই ৪০০ পৰিয়ালৰ অধিকাংশৰে উত্তৰ আছিল, বিগত মাহত অধিক বিদ্যুতৰ ব্যৱহাৰ। প্ৰায় ৯০ শতাংশ লোকৰে আছিল অত্যধিক বিদ্যুৎ ব্যৱহাৰ কৰাৰ কথা।

    আনহাতে কেৱল মাত্ৰ ১০ শতাংশ লোকৰ আছিল মিটাৰ বক্সৰ সমস্যা। সেয়ে এই সমস্যা সমাধানৰ বাবে বিদ্যুৎ বিভাগৰ লোকৰে সৈতে অসম চৰকাৰে আনিছে সমাধানৰ সূত্ৰ।

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰা অনুসৰি যি সকলৰ লোকৰ মিটাৰ বাকছৰ সমস্যা আছে সেই সকলো লোকে নিকট বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি দৰ্খাস্ত দিব পাৰিব ।

    দৰ্খাস্তৰ ওপৰত বিবেচনা কৰি সেই সকল গ্ৰাহকৰ অহা মাহৰ বিলৰ সৈতে মিলাই দিয়া হব পূৰ্বৰ অধিক বিলৰ টকা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং