শ্বাহৰুখ খানক নহয় , বলিউডৰ এইকেইজন অভিনেতাক হে চিনি পাই মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই

0
123

শ্বাহৰুখ খানক নহয় , বলিউডৰ এইকেইজন অভিনেতাক হে চিনি পাই মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক সম্পন্ন হোৱাৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে সংবাদমেল৷ সংবাদমেলখনত মুখ্যমন্ত্ৰী গৰাকীক পাঠান আৰু বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ প্ৰসংগক লৈ কৰা মন্তব্যত মুখ্যমন্ত্ৰী গৰাকীয়ে এক আমোদজনক উত্তৰ দিয়ে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ” শ্বাহৰুখ খানে মোক ৭.৪০ বজাত নিজৰ পৰিচয় দি এটা বাৰ্তা পঠাইছিল যে তেওঁ মোৰ লগত কথা পাতিব বিচাৰে। আৰু অভিনেতা গৰাকীয়ে মোলৈ নিশা ফোন কৰিছিলে। শ্বাহৰুখ খানে ফোন কৰোতে তেওঁ মোক তেওঁৰ আহিব লগীয়া ছবিখনৰ কথা কৈছিল।

কিন্তু মই যিহেতু তেওঁক চিনি নাপাওঁ সেয়েহে তেওঁৰ ছবিখনৰ নামটো মই নাজানো। সেয়েহে মই তেওঁৰ ছবিখনৰ নামটো শুধি তেওঁক আশ্বাস দিওঁ যে তেওঁৰ ছবিখন অসমত মুক্তি পোৱাৰ পিছত কোনো অপ্ৰতিকৰ পৰিস্থিতি নহয়। ”

আনহাতে তেওঁ কয় যে মই চিনেমা বহুদিন হ’ল চোৱা নাই সেয়েহে মই শ্বাহৰুখ খানক চিনি নাপাওঁ। মই কেৱল অমিতাভ বচ্চন, ধৰ্মেন্দ্ৰক হে চিনি পাওঁ। তেওঁলোক আমাৰ দিনৰ আকৰ্ষণ আছিলে। তাৰ পিছৰ আৰু মই কাকো চিনি নাপাওঁ।

ইফালে পাঠান ছবিৰ পোষ্টাৰ ফলা কথা উল্লেখ কৰি তেওঁ কয় যে পোষ্টাৰ ফলাটো কোনো ডাঙৰ কথা। মোৰ কিমান পোষ্টাৰ য’তে ততে ফালি থকা দেখিবলৈ পাওঁ সেইটো কেতিয়াও চৰ্চা হোৱা দেখিবলৈ পোৱা নাই ।

সেই কথাটোকে লৈ কোনো ব্যস্ত হৈ থাকিব নালাগে। কাৰণ পোষ্টাৰ ফলা দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ কোনো ধাৰাই নাই। অৱশ্যে পাঠান ছবিখনৰ চাবলৈ যোৱাৰ কথা উল্লেখ কৰি কয় যে ‘মই পাৰিলে ড০ বেজবৰুৱা হে চাবলৈ যাম।’