বুধবাৰে নিশা গ্ৰেপ্তাৰ কৰে INX মিডিয়া কেলেংকাৰীত অভিযুক্ত প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমক। নিশা গ্ৰেপ্তাৰৰ পিছতে নিজ বাসগৃহৰ পৰা CBIৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হয় চিদাম্বৰমক। আজি প্ৰাক্তন বিত্ত মন্ত্ৰীগৰাকীক ৰাউজ এভিনিউৰ CBIৰ বিশেষ আদালতত হাজিৰ কৰোৱা হ’ব।
বুধবাৰে গ্ৰেপ্তাৰৰ পূৰ্বে চিদাম্বৰমে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰি নিজ বাসগৃহলৈ আহিছিল। প্ৰাক্তন বিত্ত মন্ত্ৰীগৰাকীৰ বাসগৃহৰ গে’ট বন্ধ হৈ থকাত দেৱাল পাৰ হৈ ভিতৰত প্ৰৱেশ কৰিছিল চিবিআইৰ দল। পিছত উপস্থিত হৈছিল EDৰ এটা দলো।