33 C
Guwahati
Tuesday, September 27, 2022
More

    চেন্নাই বিমানবন্দৰত উদ্ধাৰ বিৰল প্ৰজাতিৰ জন্তু ! বেগত লুকুৱাই আনি ধৰা পৰিল যুৱক

    চেন্নাই বিমানবন্দৰত উদ্ধাৰ বিৰল প্ৰজাতিৰ জন্তু ! বেগত লুকুৱাই আনি ধৰা পৰিল যুৱক

    শেহতীয়াকৈ চেন্নাই বিমানবন্দৰত চোৰাং ব্যৱসায়ৰ এনে এটা ঘটনা পোহৰলৈ আহিছে যিয়ে সকলোকে আচৰিত কৰিছে ।

    চেন্নাই এয়াৰ কাষ্টমছে বেংককৰ পৰা অহা এজন যাত্ৰীক গ্ৰেপ্তাৰ কৰিছে কাৰণ তেওঁৰ বেগৰ পৰা ২৩ টা বিৰল প্ৰজাতিৰ জন্তু পোৱা গৈছিল।

    জানিব পৰা মতে চেন্নাই বিমানবন্দৰৰ ১১ আগষ্টত বেংককৰ পৰা অহা এজন যুৱকক কাষ্টম বিষয়াসকলে গ্ৰপ্তাৰ কৰে। দৰাচলতে বেংককৰ পৰা অহা টিজি-৩৩৭ বিমানখন চেন্নাই বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে যুৱক জনক তেওঁলোকৰ কাষ্টমৰ কাৰ্যালয়লৈ লৈ যায়।

    কাৰ্যালয়ত যেতিয়া যুৱক জনৰ বেগটো খুলি দিয়ে তেতিয়া সকলো আচৰিত হয়। যুৱকজনৰ বেগৰ পৰা ১ টা ড্ৰেজা বান্দৰ, ১৫ ডাল কিং স্নেক, ৫ টা বল পাইথন আৰু ২ টা এলডব্ৰা কাছ পোৱা গৈছিল ।তথ্য অনুসৰি কাষ্টম বিষয়া সকলে ভিতৰোৱা খবৰ মতে তেওঁক বাধা দিছিল।

    জীৱিত জন্তুবোৰ অবৈধভাৱে আমদানি কৰা হৈছিল সেয়ে এই জন্তুবোৰক সংৰক্ষণ আৰু প্ৰমাণপত্ৰ সেৱাৰ পৰামৰ্শ অনুসৰি থাই এয়াৰৱেজৰ জৰিয়তে মূল দেশলৈ প্ৰেৰণ কৰা হৈছে যাত্ৰীজনক গ্ৰেপ্তাৰ কৰাৰ লগতে বিষয়টো তদন্ত কৰা হৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং