24 C
Guwahati
Saturday, September 18, 2021
More

    বিয়াৰ অতিথিৰ বাবে বনাই আছিল চিকেন চুপ, হঠাত কেৰাহীত পৰিল ৰান্ধনী আৰু পিছত…

    বিয়াৰ অতিথিৰ বাবে বনাই আছিল চিকেন চুপ, হঠাত কেৰাহীত পৰিল ৰান্ধনী আৰু পিছত…

      এক বৃহত অনুষ্ঠানৰ বাবে খাদ্য বনাই থাঁকোতেই এজন ৰান্ধনীৰ অতি ভয়লগা, দুখ জনক মৃত্যু হয়। বিয়াৰ অনুষ্ঠানৰ মাজত খাদ্য বনাই থকাৰ সময়ত কেৰাহীত পৰি মৃত্যুক সাৱতি লয় এজনে।

    এই ঘটনা সংঘটিত হয় ইৰাকত। ঘটনাৰ বিৱৰণী অনুসৰি তিনিটা সন্তানৰ পিতৃ ইচ্চা ইছমাইলে ইৰাকৰ জোখা জিলাত এখন বিয়াত খানা বনাই আছিল।

    ইছমাইলে সেই সময়ত বিয়াৰ অতিথিৰ বাবে চিকেন চুপ বনাই আছিল আৰু হঠাতে তেওঁ গৰম কেৰাহীত বাগৰি পৰে। লগে লগে তেওঁক হস্পাতাললৈ লৈ যোৱা হয় যদিও ৫ দিন চিকিতসা চলাৰ পিছত মৃত্যুক সাৱতি লয়।

    আৰু পঢ়ক : কঠোৰ প্ৰশাসন; কাৰ্ফিউ উলংঘনকাৰীক শাৰিৰীক কচৰৎ কৰোৱায় বিহিলে শাস্তি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং