শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে দাখিল কৰিলে চাৰ্জশ্বীট, ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ

২৮ জানুৱাৰীত বিহাৰৰ জহানাবাদৰ পৰা দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ইমামক

0
39

শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে দিল্লীৰ ছাকেট কোৰ্টত চাৰ্জশ্বীট দাখিল কৰা হৈছে। শ্বাৰ্জিল ইমামৰ ওপৰত দেশদ্ৰোহীৰ ভাষণ দিয়া আৰু হিংসা বিয়পোৱাৰ অভিযোগ উত্থাপন হৈ আছে। দেশত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলা প্ৰতিবাদৰ সময়ত শ্বাৰ্জিল ইমামক গ্ৰেপ্তাৰ কৰা হৈছিল। ২৮ জানুৱাৰীত বিহাৰৰ জহানাবাদৰ পৰা দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ইমামক।

দিল্লী আৰক্ষীয়ে এই সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল। শ্বাৰ্জিল ইমামক বিহাৰৰ জহানাবাদৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। উচতনিমূলক মন্তব্য দিয়াৰ অভিযোগ উত্থাপন হৈছিল। শ্বাৰ্জিল ইমামৰ উচতনিমূলক ভাষণ দিয়াৰ ভিডিঅ’ ভাইৰেল হৈছিল। ১৩ ডিচেম্বৰত এই ভাষণ দিছিল শ্বাৰ্জিল ইমামে। তদন্তৰ সময়ত প্ৰমাণৰ আধাৰত আৰক্ষীয়ে শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে IPC ধাৰা 124 A(ৰাষ্ট্ৰদ্ৰোহ) আৰু 153 A(ধৰ্ম, ভাষাৰ আধাৰত ৰাইজৰ মাজত হিংসা বিয়পোৱাইছিল।

দিল্লী আৰক্ষীয়ে ক’লে যে ১৫ ডিচেম্বৰত জামিয়া মিলিয়াৰ ছাত্ৰই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দিল্লীৰ New Friends Colony আৰু জামিয়াত ৰেলী আয়োজিত কৰিছিল, ইয়াৰ মাজতে যথেষ্ট হিংসাত্মক ঘটনা সংঘটিত হৈছিল। আৰক্ষীৰ মতে প্ৰতিবাদী ছাত্ৰসকলে শিলাবৰ্ষণো কৰিছিল। ইয়াৰ বাবে ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তিৰ যথেষ্ট ক্ষতিসাধন হৈছিল।

Photo credit: PTI