১ নৱেম্বৰৰ পৰা সলনি হ’ব LPG বুকিঙৰ পৰা আৰম্ভ কৰি বেংকিঙৰ নিয়ম, পঢ়ি চাওক

নতুন মাহ অৰ্থাৎ নৱেম্বৰৰ মাহৰ আৰম্ভণি হ'বলৈ ওলাইছে। এই নতুন মাহটোত LPG বুকিং আৰু ডেলিভাৰীসহ কেইবাটাও নিয়ম সলনি হ'ব। আহক জানো কি কি নতুন নিয়ম বলবৎ হ'ব

0
25920

নতুন মাহ অৰ্থাৎ নৱেম্বৰৰ মাহৰ আৰম্ভণি হ’বলৈ ওলাইছে। এই নতুন মাহটোত LPG বুকিং আৰু ডেলিভাৰীসহ কেইবাটাও নিয়ম সলনি হ’ব।

আহক জানো কি কি নতুন নিয়ম বলবৎ হ’ব।

আপুনি যদি ইণ্ডেন গেছৰ গ্ৰাহক হয় তেন্তে বুকিঙৰ বাবে নতুন নম্বৰ ব্যৱহাৰ কৰিব লাগিব।

দৰাচলতে, ইণ্ডিয়ান অইলে ইণ্ডেন গেছৰ বুকিঙৰ নম্বৰ সলনি কৰিছে।

এতিয়াৰা পৰা গ্ৰাহকে LPG চিলিণ্ডাৰ বুক কৰিবলৈ 7718955555 নম্বৰত কল বা মেছেজ প্ৰেৰণ কৰিব লাগিব।

১ নৱেম্বৰৰ পৰা LPG গেছ চিলিণ্ডাৰৰ হোম ডেলিভাৰী প্ৰক্ৰিয়াও সলনি হ’ব।

দৰাচলতে গেছ বুকিঙৰ পিছত গ্ৰাহকৰ মোবাইল নম্বৰত এটা OTP প্ৰেৰণ কৰা হ’ব।

যেতিয়া ডেলিভাৰীৰ বাবে ভেণ্ডৰ ঘৰত উপস্থিত হ’ব তেতিয়া আপুনি তাৰ সৈতে OTP নম্বৰ শ্বেয়াৰ কৰিব লাগিব।

ইয়াৰ পিছতহে গ্ৰাহকে চিলিণ্ডাৰ লাভ কৰিব।

১ নৱেম্বৰৰ পৰা LPG গেছৰ নতুন মূল্য জাৰি হ’ব। অক্টোবৰ মাহত LPG গেছ চিলিণ্ডাৰৰ মূল্যত কোনোধৰণৰ সলনি হোৱা নাই।

ইফালে, ব্যৱসায়িক গেছৰ মূল্য বৃদ্ধি হৈছিল।

উল্লেখ্য যে দেশৰ চৰকাৰী তেল কোম্পানীসমূহে প্ৰতিটো মাহৰ প্ৰথম তাৰিখত LPG গেছ চিলিণ্ডাৰৰ মূল্য নিৰ্ধাৰণ কৰে।

ভাৰতীয় ৰে’লৱে সমগ্ৰ দেশৰ ৰে’লৰ সময়সূচী সলনি কৰিব। আপোনালোকক জনাও যে পূৰ্বে ৰে’লৰ সময়সূচী ১ অক্টোবৰৰ পৰা সলনি হোৱাৰ কথা আছিল। কিন্তু ইয়াৰ সময়সীমা বৃদ্ধি কৰা হৈছিল।

আপোনালোকক জনাও যে বৰ্তমান ৰে’লৰ স্বাভাৱিক আহ-যাহ স্থগিত হৈ আছে। বৰ্তমান ৰে’লৱে বিশেষ ৰে’ল চলাই আছে।

বেংক অব বৰোডাই ১ নৱেম্বৰৰ পৰা গ্ৰাহকৰ বাবে কিছুমান নিয়ম সলনি কৰিব।

এই পৰিৱৰ্তন বেংকৰ কাৰেণ্ট একাউণ্ট, অভাৰড্ৰাফ্ট একাউণ্ট, কেছ ক্ৰেডিট একাউণ্ট, ছেভিং একাউণ্ট তথা অন্য অন্য একাউণ্টছৰ বাবে কেছ জমা তথা ওলোৱাৰ সৈতে জড়িত ছাৰ্ভিছ চাৰ্জ আৰু চেকবুকৰ সৈতে সম্বন্ধিত।

Photo Credit: New Indian Express