৫ পুত্ৰৰ কেউগৰাকীৰে মৃত্যু, সৰু পুত্ৰও দেশ স্বাধীনতাৰ হকে দিলে প্ৰাণ, কিন্তু বৃদ্ধা মাতৃক এলাগী স্বাধীন ভাৰতৰ, গমধানৰ গুৰিৰ পানীৰ ঘোল বনাই খাই জীৱন নিৰ্বাহ

0
1828

৫ পুত্ৰৰ কেউগৰাকীৰে মৃত্যু, সৰু পুত্ৰও দেশ স্বাধীনতাৰ হকে দিলে প্ৰাণ, কিন্তু বৃদ্ধা মাতৃক এলাগী স্বাধীন ভাৰতৰ, গমধানৰ গুৰিৰ পানীৰ ঘোল বনাই খাই জীৱন নিৰ্বাহ

কেনে হ’ব পাৰে মানসিক স্থিতি এগৰাকী মাতৃৰ বাবে, যেতিয়া ৫ গৰাকী পুত্ৰ সন্তান থাকিও জীৱনৰ শেষ বেলাত কেউগৰাকী পুত্ৰৰেই মৃত্যু হয়। কিদৰে জীয়াই থাকিবলৈ মনত সাহস পাব এগৰাকী মাতৃয়ে।

পাছে কোনোদিনে কাৰোৰে আগত হাত পাতি নাপালে এইগৰাকী মাতৃয়ে। খৰি লুৰি, জংঘলত পোৱা শাক-পাচলি বিক্ৰী কৰিয়ে দুমুঠি যোগাৰ কৰিছিল বৃদ্ধা মাতৃয়ে। তাকো দুবেলাও কেতিয়াবা নহৈছিলগৈ, খালী পেটেৰেই পাৰ কৰিছিল নিশা।

প্ৰায়ে গমধামৰ গুৰি আনি পানীৰ ঘোল বনাই খাইছিল , কিয়নো ৰান্ধিবৰ বাবেও নাছিল পৰ্যাপ্ত সামগ্ৰী। তথাপি কৰি গৈছিল জীৱন সংগ্ৰাম। সেই মাতৃগৰাকীৰেই কনিষ্ট পুত্ৰ আছিল দেশৰ স্বাধীনতা যুঁজৰ অন্যতম সেনানী।

দেশেৰ জনতাই আজিয়ো সেই স্বাধীনকা সংগ্ৰামীৰ নাম সন্মানেৰে লয়, পাছে সেই সময়ৰ চৰকাৰে সন্মান জনাব নাজানিলে সেই বীৰ সেনানীৰ মাতৃক। সেই বীৰ সেনাগৰাকীয়েই হৈছে চন্দ্ৰশেখৰ আজাদ।

যাৰ প্ৰকৃত নাম হৈছে চন্দ্ৰ শেখৰ তিৱাৰী। যিয়ে ৰাম প্ৰসাদ বিছমিল আৰু আন তিনিজন বিশিষ্ট দলৰ নেতা ৰোশন সিং, ৰাজেন্দ্ৰ নাথ লাহিড়ী আৰু আশফাকুল্লা খানৰ মৃত্যুৰ পিছত হিন্দুস্তান ছ’চিয়েলিষ্ট ৰিপাব্লিকান এছ’চিয়েচন (এইচএছআৰএ)ৰ নতুন নামেৰে হিন্দুস্তান ৰিপাব্লিকান এছ’চিয়েচন (এইচআৰএ) পুনৰ সংগঠিত কৰিছিল।

কোন আছিল সেই পুত্ৰগৰাকী-

তেওঁ আলিৰাজপুৰ ৰাজ্যৰ ভৱৰাৰ বাসিন্দা আৰু তেওঁৰ পিতৃ-মাতৃ আছিল সীতাৰাম তিৱাৰী আৰু জাগৰণী দেৱী। এইচ এছ আৰ এৰ কমাণ্ডাৰ ইন চীফ হিচাপে জাৰী কৰা পত্ৰিকাত স্বাক্ষৰ কৰোঁতে তেওঁ প্ৰায়ে “বলৰাজ” ছদ্মনাম ব্যৱহাৰ কৰিছিল।

মাত্ৰ ১৫ বছৰ বয়সতে অসহযোগ আন্দোলনত যোগদান কৰি কাৰাবাসো খাটিছিল লগতে শাস্তি হিচাপে পাইছিল প্ৰতিদিনে ১৫ বেট্ৰাঘাত। সেই আজাদেই দেশৰ স্বাধীনতাৰ বাবে ইংৰাজৰ বিৰুদ্ধে যুঁজ দি দি মাত্ৰ ২৪ বছৰ বসতেই ইংৰাজ সেনাৰ গুলি খাই শ্বহীদ হৈছিল।

মাতৃৰ বুকু খালী কৰি গুচি গৈছিল আজাদ, আজাদৰ পূৰ্বে এটি এটিকৈ ৪ ককায়েকেও ইহ সংসাৰ ত্যাগ কৰিছিল। পৰিয়ালত ৰৈ গৈছিল কেৱল বৃদ্ধ পিতৃ-মাতৃ। কিন্তু আজাদৰ মৃত্য়ুৰ পাছত পিতৃয়েও ত্যাগ কৰিছিল জীৱন।

এই বিশাল ধৰাত অকলে ৰৈ গৈছিল মাতৃ। জী মাতৃয়ে কোনোদিনো পুত্ৰ শোক কৰা নাছিল, কৰিছিল কেৱল গৌৰৱ। দেশৰ হকে প্ৰাণ দিয়া আজাদৰ বাবে সদায়ে গৌৰৱান্বিত হৈ ৰৈছিল মাতৃ। যাৰ বাবে আনৰ সহায় লোৱাৰ সলনি নিতো গৈছিল জংঘললৈ খলি লুৰিবলৈ।

পাছত শেষৰ জীৱন ছোৱাত আজাদৰ ঘনিষ্ঠ বন্ধুৱে চোৱা চিতা কৰিছিল মাতৃৰ। এগৰাকী পুত্ৰৰ দৰেই মুখাগ্নিয়ো দিছিল। এটি প্ৰতিমাও স্থাপন কৰিব বিচাৰিছিল আজাদৰ মাতৃ জাগৰণী দেৱীৰ। ইয়াৰ বাবে প্ৰতিমাও নিৰ্মাণ কৰিছিল।

কিন্তু চৰকাৰ আছিল ইয়াৰ বিৰোধত। প্ৰতিমা যাতে স্থাপন কৰিব নোৱাৰে তাৰ বাবে আৰক্ষী সেনা মোতায়েন কৰিছিল। জনতাৰ ওপৰত লাঠি চাৰ্জো কৰিছিল। যি লাঠি চাৰ্জত বহু লোক আহত হৈছিল। চিৰ জীৱনৰ বাবেও পংগুত্বক স্বীকাৰ কৰিছিল কোনো কোনোজনে।

কোৱা হয় সেই কাৰ্যত প্ৰাণো হেৰুৱাইছিল কেইবাজনেও। কিন্তু সেই তথ্য কোনোদিনে সদৰি কৰা নহয়। আৰু কোনোদিনে স্থাপন কৰা নহল সেই মহান মাতৃৰ নিৰ্মাণ হোৱা প্ৰতিমা।