29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বিজেপিৰ লগত অসমৰ ৰাইজ আছে, AJP য়ে কোনো ক্ষতি কৰিব নোৱাৰে: চন্দ্ৰমোহন

    কিছুদিন আগতেই আছু আৰু এজেৱাইচিপিৰ নেতৃত্বত গঠন হৈছিল নতুন দল অসম জাতীয় পৰিষদ ।

    এই দল গঠনৰ  পিছতেই বিশেষ চৰ্চাত আছে অসম জাতীয় পৰিষদ । এই নতুন ৰাজনৈতিক দল সম্পৰ্কে বিভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰা দেখা  যায় ।

    ইয়াৰ মাজতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে মন্তব্য  প্ৰকাশ কৰা দেখা যায় । মন্ত্ৰী গৰাকীয়ে  কয় যে গণতান্ত্ৰিক দেশ এখনত দল গঠন হব পাৰে ।অসম জাতীয় পৰিষদে আমাৰ একো  ক্ষতি কৰিব নোৱাৰে । বিজেপিৰ লগত অসমৰ ৰাইজ আছে । সৰ্বানন্দ সোণোৱালে চৰকাৰৰ হৈ কাম কৰিছে । আমি মিছা প্ৰতিশ্ৰুতি দিয়া নাই ৰাইজক ।

    অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভতো  মত প্ৰকাশ কৰে পাটোৱাৰীয়ে । তেওঁ কয় যে অসম চুক্তিৰ ৬ নং দফা বিজেপি চৰকাৰে কাৰ্যকাৰী কৰিবই । বৰ্তমানৰ পৰিস্থিতিৰ বাবে কিছু অসুবিধা হৈছে বুলি কয় মন্ত্ৰী গৰাকীয়ে । লগতে কয় যে বিজেপি চৰকাৰে অসম চুক্তিৰ ৬নং  দফা সন্দৰ্ভত কৰা প্ৰতিশ্ৰুতি পুৰণ কৰিবই ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ’ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ'ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ।