কংগ্ৰেছ-বাওঁপন্থীয়ে ‘জয় আই অসম’ ক’লেই জাতীয়তাবাদী হয় নাযায়ঃ চন্দ্ৰমোহন পাটোৱাৰী

আন্দোলনৰ নামত কংগ্ৰেছ আৰু বাওঁপন্থীয়ে অসমৰ উন্নয়নত ব্যঘাত জন্মাইছে

0
50

দিছপুৰত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল। অসম চুক্তি সন্দৰ্ভত সংবাদমেল অনুষ্ঠিত কৰে মন্ত্ৰীগৰাকীয়ে। ‘জাতীয়তাবাদ কংগ্ৰেছ আৰু বাওঁপন্থীৰ তেজতেই নাই। কংগ্ৰেছ আৰু বাওপন্থীয়ে জয় আই অসম বুলি কলেই জাতীয়তাবাদী হৈ নাযায়।’- সংবাদমেলত এই মন্তব্য মন্ত্ৰীগৰাকীৰ। লগতে আন্দোলনৰ নামত কংগ্ৰেছ আৰু বাওঁপন্থীয়ে অসমৰ উন্নয়নত ব্যঘাত জন্মাইছে বুলিও সদৰি কৰে সংবাদমেলযোগে।

অসমৰ প্ৰাকৃতিক গেছৰ কথাও সংবাদমেলত প্ৰকাশ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। অসমৰ বহু ঠাইত এতিয়াও গেছ সংৰক্ষণ হৈ আছে। ONGCয়ে অসমৰ এশখন ঠাইত গেছ উলিওৱাৰ চেষ্টা কৰিব। ইয়াৰ বাবে ONGCয়ে সকলো যাৱতীয় অনুমতিও লাভ কৰিছে ইতিমধ্যে। ইয়াৰ বাবে ৩৫০০ কোটি টকা বিনিয়োগ কৰিব কোম্পানীটোৱে। সংবাদমেলত এই ঘোষণা মন্ত্ৰী পাটোৱাৰীৰ।

আনহাতে বৰ্তমানে হৈ থকা নাগৰিকত্ব আইনৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নত পাটোৱাৰীয়ে কয়, আন্ধোলনটোত ক্ষয়-ক্ষতি কিমান হৈছে তেওঁ নাজানে, কিন্তু ২২ লাখ নিবনুৱা আৰু তেওঁলোকৰ অভিভাৱকৰ এক বৃহৎ ক্ষতি হৈছে। লগতে আন্দোলনৰ নামত হোৱা হিংসাত্মক ঘটনাৰ বাবে এতিয়া আন্তঃৰাষ্ট্ৰীয় কোম্পানীয়ে অসমলৈ আহিবলৈ ভয় কৰিছে। বুজাবুজি চুক্তি কৰিবলৈ আগবাঢ়ি আহিও থমকি ৰৈছে অসমৰ পৰিস্থিতি দেখি।


‘বিজেপি বিধায়কগৰাীয়ে কি কৈছে মই নাজানো। কিন্তু আইন শৃংখলা ব্যঘাত যি দলৰ লোকেই কৰিব তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব।’ মৃনাল শইকীয়াৰ কৰা মন্তব্যৰ ওপৰতো চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিক্ৰিয়া প্ৰকাশ।