চণ্ডিগড় বিশ্ববিদ্যালয় MMS কাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ! যুৱতীক কৰিছিল অশ্লীল ভিডিঅ’ দাবী

0
699

চণ্ডিগড় বিশ্ববিদ্যালয় MMS কাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ! যুৱতীক কৰিছিল অশ্লীল ভিডিঅ’ দাবী

চণ্ডিগড় বিশ্ববিদ্যালয় এমএমএস কাণ্ডক লৈ পঞ্জাৱ আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰিছে।পাঞ্জাৱ আৰক্ষীয়ে অভিযুক্ত সেনা জোৱান সঞ্জীৱ সিঙক গ্ৰেপ্তাৰ কৰিছে।

পাঞ্জাৱ আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ চেলা পাছৰ পৰা অভিযুক্ত জনক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা অভিযুক্ত সেনা জোৱানজনৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ এগৰাকী ছোৱালীক ব্লেকমেইল কৰা আৰু আন ছোৱালীৰ অশ্লীল ভিডিঅ’ দাবী কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল।

অৰুণাচল আৰক্ষীৰ সহায়ত পঞ্জাৱ আৰক্ষীয়ে জোৱান জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ঘটনাটোক লৈ ছাত্ৰ-ছাত্ৰীৰ ক্ষোভৰ পিছতে আৰক্ষীয়ে যেতিয়া বিষয়টো তদন্ত কৰিছিল, তেতিয়া তেওঁলোকে জানিব পাৰিছিল যে এগৰাকী যুৱতীয়ে ভিডিঅ’টো প্ৰস্তুত কৰিছিল।

আৰু এজন সেনা জোৱানক ভিডিঅ’বোৰ প্ৰেৰণ কৰিছিল। সেনা জোৱান জনে আকৌ সেই ভিডিঅ’বোৰ আন কাৰোবালৈ প্ৰেৰণ কৰিছিল।

পিছত সেনা জোৱান জনে অশ্লীল ভিডিঅ’ৰ বাবে যুৱতী গৰাকীক ব্লেক মেইলো কৰিছিল। লগতে অধিক ভিডিঅ’ৰ বাবে হেচাও প্ৰয়োগ কৰিছিল।

লগে লগে আৰক্ষীয়ে সেনা জোৱানজনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰে।আৰু অৱশেষত শনিবাৰে পাঞ্জাব আৰক্ষীয়ে জোৱান জনক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে জানিব দিয়া মতে এই সেনা জোৱান জনৰ অৰুণাচল প্ৰদেশৰ ইটানগৰত কৰ্মত নিয়োজিত হৈ আছে জোৱান জনৰ ঘৰ জম্মু-কাশ্মীৰত বুলি জানিব পৰা গৈছে।