33 C
Guwahati
Monday, September 26, 2022
More

    সুখী জীৱনৰ বাবে চানক্যৰ সেই বিশেষ নীতি- সদায়ে দূৰত ৰাখিব এই ৫ ব্যক্তি

    সুখী জীৱনৰ বাবে চানক্যৰ সেই বিশেষ নীতি- সদায়ে দূৰত ৰাখিব এই ৫ ব্যক্তি

    আচাৰ্য চানক্যৰ আদৰ্শ নীতি পালন কৰিয়ে সম্ৰাট অশোকে এদিন বিশাল সাম্ৰাজ্যৰ সম্ৰাট হৈছিল। সেই আচাৰ্য চানক্যৰেই আছে এনে কিছুমান আদৰ্শ নীতি, যি নীতি আদৰ্শই পালন কৰিয়ে এক সুখী আদৰ্শ জীৱন যাপন কৰিব পাৰি।

    চানক্যৰেই সেই নীতি সন্নিবষ্ট কৰি ৰচনা কৰিছিল এখন অৰ্থশাস্ত্ৰও। যাক কৌটিল্যৰ অৰ্থশাস্ত্ৰ বুলি কোৱা হয়। তাৰোপৰি আছে তেখেতৰ অন্য কেইবাখনো গ্ৰন্থও যিয়ে সামাজিৰ জীৱনত প্ৰভাৱিত কৰে। সেই কেই খন হৈছে- অৰ্থশাস্ত্ৰ, লঘু চানক্য, বৃদ্ধ চানক্য আৰু চানক্য নীতি শাস্ত্ৰ।

    সেই তাহানিতে লিখা চানক্যৰে অৰ্থশাস্ত্ৰ আজিৰ দিনটো সঠিক ভাৱে ব্যৱহাৰ্য কৰিলে সফল লাভ কৰিব পাৰে। চানক্যই তেখেতৰ শাস্ত্ৰত লিখি গৈছে বহু নীতি তাৰেই মাজৰ এনে কেইটামান হৈছে, যি নীতি মানি চলিলে সুখময় হৈ পৰিব জীৱন।

    দুষ্টৰ গাঁৱত বাস-
    আচাৰ্য চাণক্যৰ এই কথাষাৰৰ অৰ্থ হৈছে যে যদি আপুনি এনে এজন ব্যক্তিৰ সৈতে বাস কৰে যিয়ে ইচ্ছাকৃতভাৱে আপোনাত বা আনক আঘাত কৰে বা হাৰাশাস্তি কৰে, তেন্তে আপুনি কেতিয়াও তেনে লোকৰ সৈতে বাস কৰিব নালাগে। এনে লোকৰ লগত বাস কৰিলে সদায় সমস্যা হয়।

    মুৰ্খ পুত্ৰ-
    পুত্ৰৰ সমান সুখ নাই, মুৰ্খ পুত্ৰৰ সমাম দুখ নাই। আচাৰ্য চাণক্যই কৈছে যে , মূৰ্খ পুত্ৰৰ সন্তানৰ পৰা পিতৃ-মাতৃয়ে সদায় কষ্ট পায়। যদি শিশুৱে একো বুজি নাপায়, তেন্তে সি সদায়ে আপোনাক সমস্যা দিব আৰু গোটেই জীৱন টো বোজা হৈ থাকিব। সেয়ে পুত্ৰই বুজি পোৱাকৈ সহজভাৱে বুজাওক যাতে ভৱিষ্যতৰ জীৱন উন্নত কৰিব পাৰে।

    কাজিয়া কৰা পত্নী-
    আচাৰ্য চাণক্যই কয় যে যদি ঘৰত কোনো বেয়া মাত কথা কোৱা পত্নী থাকে যি সদায় আপোনাক বেয়া কথা কয়, তেন্তে ব্যক্তিজনৰ জীৱন নৰক সদৃশ হৈ পৰে। কিয়নো এনে মহিলা সকলে সৰু সৰু বস্তুৰ ওপৰত কাজিয়া আৰম্ভ কৰে, যাৰ ফলত পাৰিবাৰিক সমস্যা হয় আৰু পৰিৱেশ নষ্ট হয়।

    অপুষ্টিকৰ খাদ্য-
    আচাৰ্য চাণক্যই কয় যে এনে খাদ্য যাৰ কোনো সোৱাদ নাই আৰু পুষ্টি নাই, তেনে খাদ্য গ্ৰহন কৰিব নালাগে। ই আয়ুস হ্ৰাস কৰে, বিভিন্ন সমস্যা আনে। সেয়ে সদায় পুষ্টিকৰ খাদ্য গ্ৰহন কৰিব লাগে।

    ভুল মানুহৰ সেৱা-
    খাই পাত ফলা মানুহৰ শেষ নাই। সেয়ে যি কোনো মানুহৰে যেতিয়াই তেতিয়াই সেৱা কৰিব নালাগে। এনে মানুহৰ সেৱা কৰিলে আপোনাৰ কোনোদিনে শলাগ নলব, যাৰ ফলত মনোকষ্ট পাব আপুনি। সেয়ে এনে ধৰণৰ লোকৰ পৰা সদায়ে আঁতৰত থাকিবলৈ চেষ্টা কৰিব।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং