“ভগৱানৰ বাবে কোনোধৰণৰ বাজেট নাথাকে,” কিয় এনেধৰণে ক’বলগীয়া হ’ল চাহালে!
আই পি এলৰ আগন্তুক মেগা অকশ্যনৰ পূৰ্বে কে এল ৰাহুল, চাৰ্দুল ঠাকুৰ আৰু যুবেন্দ্ৰ চাহালৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।
উক্ত ভিডিঅ’টোত ভাৰতীয় দলৰ অলৰাউণ্ডাৰ চাৰ্দুল ঠাকুৰে কে এল ৰাহুলক লক্ষ্ণৌ চুপাৰ জায়েণ্টে তেওঁৰ বাবে কিমান বাজেট ৰাখিছে বুলি প্ৰশ্ন কৰে।
ভিডিঅ’টোত কে এল ৰাহুলে লক্ষ্ণৌ চুপাৰ জায়েণ্টে চাৰ্দুল ঠাকুৰৰ বাবে খেলুৱৈ গৰাকীৰ প্ৰাৰম্ভিক মূল্যৰ হে বাজেট ৰাখিছে বুলি ৰসিকতা কৰি কয়।
ভিডিঅ’টোত ভাৰতীয় দল আৰু বাংগালুৰুৰ লেগস্পীনাৰ যুবেন্দ্ৰ চাহালকো বহি থকা দেখা যায়।
চাহালে কে এল ৰাহুলৰ উত্তৰৰ পাছতে পুনৰ ৰসিকতা কৰি ভগৱানৰ বাবে কোনোধৰণৰ বাজেট নাথাকে বুলি মন্তব্য কৰে।
“কোনোধৰণৰ বাজেটে ভগৱানক ঢুকি নাপায়,” চাহালে চাৰ্দুল সম্পৰ্কে হাঁহি হাঁহি এইদৰে কয়।
উল্লেখযোগ্য যে, ভাৰতীয় দলৰ হৈ বিগত সময়ছোৱাত চাৰ্দুল ঠাকুৰে বেটিং আৰু বলিঙত দেখুৱাই অহা প্ৰদৰ্শনৰ বাবে ‘লৰ্ড ঠাকুৰ’ ছদ্ম নাম লাভ কৰিছে।
চাৰ্দুল ঠাকুৰৰ ব্ৰেক থ্ৰু দিব পৰা সামৰ্থ্য আৰু বিপদৰ সময়ত বেটিঙেৰে দাঙি ধৰা প্ৰদৰ্শনৰ বাবে ক্ৰিকেট ধাৰাভাষ্যকাৰ সকলে তেওঁক লৰ্ড ঠাকুৰ হিচাপে অভিহিত কৰে।
আৰু পঢ়ক : কীৰ্তিকমল বৰা গুলিচালনা ঘটনা- আজি বিয়লি ৪ বজালৈ ৰাজহুৱা শুনানি