18 C
Guwahati
Monday, April 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ”অহা মাহত ভাল খবৰ দিম আপোনালোকক” অসমবাসীৰ বাবে কি ভাল খবৰ DSP হিমা দাসৰ…

    ”অহা মাহত ভাল খবৰ দিম আপোনালোকক অসমবাসীৰ বাবে কি ভাল খবৰ DSP হিমা দাসৰ…

    সৰুসজাইত আজি ডি এচ পি হিছাপে নিযুক্তি দিয়া হয় ধিং এক্সপ্ৰেছ হিমা দাসক। একেদৰে উপ পৰিদৰ্শক হিচাপে ৫৯৭গৰাকীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

    এই নিযুক্তি অনুষ্ঠানত হিমাই কয় যে ”সৰুৰ পৰাই সপোন আছিল। আগতে পূজাৰ বন্দুক লৈছিলোঁ। তেতিয়া মাই কৈছিল বন্দুক ল’বলৈ আৰক্ষী হ’ব লাগিব, দৰমহাও পাবা”।

    গুৱাহাটীখন ক্ৰীড়া ৰাজধানী কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই চেষ্টা কৰি আছে বুলিও মন্তব্য আগবঢ়াই হিমাই লগতে অসম অলিম্পিক সন্থা, অসম এথলেটিক্স সন্থাক ধন্যবাদ জ্ঞাপন কৰে।

    হিমাই কয় যে ”মই পোৱা সোণৰ পদক দুটাত হিমাৰ নাম নাহে, অসমৰ নাম নাহে। মুখ্যমন্ত্ৰী, DGP ক ধন্যবাদ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই খেলৰ কথা কলেই অসমৰ কথা কয়। কোনো দেশত ক্ৰীড়া নাথাকিলে শান্তি নাথাকে”।

    ”কালি মই ইয়ালৈ অহাৰ আগতে গোল্ড মেডেল পাই আহিছিলোঁ। DSP হলো যেতিয়া আপোনালোকে চাগৈ ভাবিছে চুৰ খেদি থাকিম, যদিও মই খেলে খেলি থাকিম। অসম আৰক্ষীৰ হৈ সদায় কাম কৰি যাম। অহা মাহত এটা ভাল খবৰ দিম আপোনালোকক – এই বুলি মন্তব্য আগবঢ়াই হিমাই ।

    আৰু পঢ়ক : গুৱাহাটীত উপস্থিত বিহাৰ ৰাজনীতিৰ যুৱৰাজ তেজস্বী যাদৱ, বিজেপি বিৰোধী দলৰ সৈতে কৰিব মত বিনিময়

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং