
আজি ইটানগৰলৈ যাব অমিত শ্বাহ। অৰুণাচল প্ৰদেশৰ Statehood Dayত ভাগ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। বিশেষ বিমানযোগে কিছুসময় পিছত লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰত উপস্থিত হ’ব অমিত শ্বাহ। তাৰ পৰাই হেলিকপ্টাৰযোগে ৰাওনা হ’ব ইটানগৰলৈ।

অমিত শ্বাহক আদৰিবলৈ লীলাবাৰী বিমানবন্দৰত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। লগতে হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ কেইবাগৰাকী নেতা-কৰ্মীও উপস্থিত। গায়ন-বায়ন, ঢোল-খোলেৰে আদৰা হ’ব অমিত শ্বাহক।
Photo Credit: Hassinur Alom