24 C
Guwahati
Friday, December 3, 2021
More

    ২০২২ বৰ্ষৰ মাৰ্চ মাহলৈ প্ৰধান মন্ত্ৰী গৰীব কল্যাণ যোজনাৰ ম্যাদ বৃদ্ধিৰ সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটৰ

    প্ৰধান মন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ ম্যাদ ২০২২ বৰ্ষৰ মাৰ্চ মাহলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় কেবিনেটে।

    কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ থাকুৰে বুধবাৰে গৰীব কল্যাণ অন্ন সুৰক্ষা যোজনাৰ ম্যাদ ২০২২ বৰ্ষৰ মাৰ্চ মাহলৈ বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰ চৰকাৰৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে।

    উল্লেখযোগ্য যে, দেশত ক’ভিডৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পাছতে কেন্দ্ৰ চৰকাৰে প্ৰধান মন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত নিম্ন আয়ৰ পৰিয়ালৰ প্ৰতিগৰাকী লোকলৈ মাহে পাঁচ কিলোগ্ৰামকৈ খাদ্য সামগ্ৰী আগবঢ়াই আহিছে।

    ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ আওতালৈ অহা প্ৰতিগৰাকী উপভোক্তাই বিগত বৰ্ষৰ পৰা প্ৰধান মন্ত্ৰীৰ গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত এই খাদ্য সামগ্ৰী লাভ কৰি আহিছে।

    দেশৰ প্ৰায় ৮০ কোটি লোকে কভিডৰ সংক্ৰমণৰ সময়ত কেন্দ্ৰ চৰকাৰৰ এই আঁচনিৰ সুবিধা লাভ কৰিছে।

    আৰু পঢ়ক : ক’ভিডত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ ৪ লাখ টকাৰ সাহায্য প্ৰদানৰ দাবী ৰাহুল গান্ধীৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং