সাম্প্ৰদায়িক বিষবাস্প বিলোৱা ৪৫ টা ভিডিঅ’ আৰু ১০ টা ইউটিউব চেনেলক নিষিদ্ধ

0
1020
যিকোনো সময়ত বন্ধ কৰি দিয়া হ’ব পাৰে এনেধৰণৰ য়ুটিউব চেনেল ৱেবচাইট

ধৰ্মীয় ঘৃণা বিয়পোৱাৰ লক্ষ্যৰে উৰা বাতৰি সম্প্ৰচাৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৪৫টা ভিডিঅ’ আৰু ১০টা ইউটিউব চেনেল নিষিদ্ধ কৰিছে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে এনেধৰণৰ ভিডিঅ’ই দেশত সাম্প্ৰদায়িক ঘৃণা সৃষ্টি কৰাৰ লগতে জনশৃংখলাত আঘাত হানে।

চোৰাংচোৱা সংস্থাৰ ইনপুটৰ ভিত্তিত এই ভিডিঅ’ ব্লক কৰা বুলি চৰকাৰে জানিবলৈ দিয়ে।

নিষিদ্ধ কৰা ভিডিঅ’ সমূহৰ মুঠ দৰ্শকৰ সংখ্যা আছিল ১৩ লাখৰো অধিক।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে টুইট কৰি কয় যে ভুল তথ্যৰ জৰিয়তে বন্ধু দেশৰ সৈতে সম্পৰ্ক বেয়া কৰাৰ চেষ্টা, দেশত ঘৃণা বিয়পোৱাৰ বাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ১০টা ইউটিউব চেনেল নিষিদ্ধ কৰিছে। ইয়াৰ পূৰ্বেও দেশৰ স্বাৰ্থত এনে কৰা হৈছে, ভৱিষ্যতেও কৰা হ’ব’।

চৰকাৰে জাৰি কৰা বিবৃতিত কোৱা হৈছে যে মন্ত্ৰালয়ে নিষিদ্ধ কৰা ভিডিঅ’ৰ জৰিয়তে অগ্নিপথ আঁচনি, ভাৰতীয় সশস্ত্ৰ বাহিনী, ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা যন্ত্ৰ, কাশ্মীৰ আদিৰ বিষয়ত অপপ্ৰচাৰ চলাইছিল।