
কৰ’ণা সংক্ৰমণৰ বাবে ভাৰতত ঘোষণা কৰা হৈছে লকডাউন। ১৭ মে’লৈ চলিব এই লকডাউন। ইয়াৰ মাজতে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়ালে টুইটাৰযোগে জনাই যে বৰ্ডৰ স্থগিত পৰীক্ষাসমূহ জুলাইত অনুষ্ঠিত হ’ব।
মন্ত্ৰীগৰাকীয়ে ক’লে যে দীঘলীয়া সময় ধৰি CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ৰৈ যোৱা পৰীক্ষাসমূহৰ দিনাংকৰ অপেক্ষাত আছিল, আজি এই পৰীক্ষাসমূহৰ দিন নিশ্চিত কৰিছে। ১.০৭.২০২০ৰ পৰা ১৫.০৭.২০২০ৰ মাজত অনুষ্ঠিত হ’ব পৰীক্ষাসমূহ।
উল্লেখ্য যে CBSEয়ে কৈছিল যে যদি তেওঁলোকক ১০ দিনৰ বাবে হ’লেও সময় দিয়া হয় তেন্তে ৰৈ যোৱা পৰীক্ষাসমূহ সম্পূৰ্ণ কৰি মূল্যায়নৰ কাম আৰম্ভ কৰিব পাৰে। এতিয়া দিনাংক ঘোষণা কৰাৰ পিছত এইটো সম্ভাৱনা যে CBSEয়ে আগষ্টতে পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব।
লগতে CBSEয়ে এইটো স্পষ্ট কৰি দিছিল যে দশম শ্ৰেণীৰ ৰৈ যোৱা পৰীক্ষাসমূহ কেৱল দিল্লীৰ উত্তৰ-পূব জিলাতে অনুষ্ঠিত হ’ব। আনহাতে CBSEয়ে দ্বাদশ শ্ৰেণীৰ ২৯টা প্ৰধান বিষয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিব।
Photo credit: business-standard.com