৫০টা শিশুক যৌন শোষণ চলোৱা পাষণ্ড অভিযন্তাৰ ঘৰত উদ্ধাৰ ১০০টা যৌন শোষণৰ ভিডিঅ’ আৰু ৬০০খন ফটো

অভিযুক্ত কনিষ্ঠ অভিযন্তাৰ বয়স ৪০ বছৰতকৈও কম বুলি কোৱা হৈছে। জলসিঞ্চন বিভাগৰ এই কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে প্ৰায় ১০ বছৰ ধৰি এই কু-কাৰ্য কৰি থকাৰ অভিযোগ উত্থাপন হৈছে

0
147

শিশুক যৌন শোষণ কৰা ঘটনা সন্দৰ্ভত উত্তৰ প্ৰদেশৰ জলসিঞ্চন বিভাগৰ কনিষ্ঠ অভিযন্তাৰ ঘৰৰ পৰা CBIৰ দলে ৮টা পেন ড্ৰাইভ উদ্ধাৰ কৰে।

প্ৰাথমিক সোধা-পোছাত তদন্ত এজেঞ্চীয়ে এই অভিযান চলায়।

এই পেন ড্ৰাইভটোত প্ৰায় ১০০টা ভিডিঅ’ আৰু ৬০০তকৈ অধিক শিশুক যৌন শোষণ কৰাৰ ফটো উদ্ধাৰ কৰে।

বৰ্তমানলৈ পোৱা তথ্য অনুসৰি, বান্দা হমীৰপুৰ আৰু কৰ্বী অঞ্চলৰ শিশুক অধিক লক্ষ্য কৰি লোৱা হৈছে।

ইয়াৰোপৰি অভিযুক্তৰ ঘৰৰ পৰা চিডি আৰু ভিডিঅ’ প্ৰস্তুত কৰা কেইবাটাও সামগ্ৰীও উদ্ধাৰ কৰে।

অভিযুক্ত অভিযন্তা ৰামভৱনক CBIৰ জিম্মাত লৈ সোধা-পোছা অব্যাহত ৰাখে।

উল্লেখ্য যে নাবালিকাক যৌন শোষণৰ এই ঘটনা পোহৰলৈ অহাৰ পিছতে CBIৰ দলটোৱে ব্যৱস্থা গ্ৰহণ কৰিছে।

দলটোৱে প্ৰায় ৫০ টা শিশুক যৌন শোষণ চলোৱা ঘটনা সন্দৰ্ভত মুখ্য অভিযুক্ত প্ৰদেশৰ জলসিঞ্চন বিভাগৰ এজন কনিষ্ঠ অভিযন্তাক চিত্ৰকূট নিৱাসী ৰামভৱনত গ্ৰেপ্তাৰ কৰিছিল।

তালাচীত পালে ইলেক্ট্ৰনিক ডিভাইচ
অভিযুক্ত কনিষ্ঠ অভিযন্তাৰ বয়স ৪০ বছৰতকৈও কম বুলি কোৱা হৈছে।

জলসিঞ্চন বিভাগৰ এই কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে প্ৰায় ১০ বছৰ ধৰি এই কু-কাৰ্য কৰি থকাৰ অভিযোগ উত্থাপন হৈছে।

CBIৰ দলটোৱে চিত্ৰকূটত কনিষ্ঠ অভিযন্তা আৰু তেওঁৰ সহযোগীৰ বাসগৃহত তালাচী চলায়।

তালাচীৰ সময়ত প্ৰায় ৮ লাখ নগদ টকা, ১২টা মোবাইল ফোন, লেপটপ, ৱেব-কেমেৰা আৰু অন্য ইলেক্ট্ৰনিক ডিভাইচ উদ্ধাৰ কৰে।

ভিডিঅ’ আৰু ফটোগ্ৰাফ বিক্ৰী কৰিছিল
কনিষ্ঠ অভিযন্তাজন বান্দা, চিত্ৰকূট আৰু আশে-পাশে থকা জিলাত শিশুসকলৰ যৌন শোষণত অন্তৰ্ভুক্ত আছিল।

অভিযুক্তই অনলাইন ভিডিঅ’ আৰু ফটোগ্ৰাফো বিক্ৰী কৰিছিল।

Photo Credit: Zee News