ভূমি কেলেংকাৰীৰ গোচৰত লালু প্ৰসাদ যাদৱৰ লগতে ১৬ গৰাকীৰ বিৰুদ্ধে চিবিআইৰ চাৰ্জশ্বীট

0
60

ভূমি কেলেংকাৰীৰ গোচৰত লালু প্ৰসাদ যাদৱৰ লগতে পত্নী জীয়ৰিৰ বিৰুদ্ধে চিবিআইৰ চাৰ্জশ্বীট

চিবিআইয়ে আৰজেডি চুপ্ৰিমো লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল কৰিছে।

চিবিআইয়ে ভূমি কেলেংকাৰীৰ গোচৰত লালু যাদৱ, বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবড়ী দেৱী আৰু তেওঁৰ কন্যা মিছা ভাৰতী আৰু আন ১৬ জনৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছে।

চিবিআইয়ে দিয়া তথ্য অনুসৰি লালু যাদৱ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে চাকৰিৰ বাবে ভূমিগোচৰ তথ্য প্ৰাপ্ত হৈছে।২০০৪ চনৰ পৰা ২০০৯ চনলৈ লালু প্ৰসাদ যাদৱ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী আছিল।

তেতিয়া তেওঁ ৰেল বিভাগত চাকৰিৰ বিনিময়ত আবেদনকাৰীসকলৰ পৰা ভূমি আৰু প্লট লৈছিলে। চিবিআইয়ে গোচৰটো তদন্ত কৰাৰ পিছত লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ কন্যা মিছা ভাৰতীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল।

অভিযোগ মতে লালু প্ৰসাদে যি খিনি মাটি লৈছিলে সেইখিনি ৰাৱড়ী দেৱী আৰু মিছা ভাৰতীৰ নামত পঞ্জীয়ন আছে।