চি বি আইৰ এগৰাকী শীৰ্ষ বিষয়াই কোঠাৰ ভিতৰতে ফাঁচী লগাই নিজকে শেষ কৰি দিয়ে

0
166
প্ৰতিনিধিত্বমূলক চিত্ৰ

চি বি আইৰ এগৰাকী শীৰ্ষ বিষয়াই কোঠাৰ ভিতৰতে ফাঁচী লগাই নিজকে শেষ কৰি দিয়ে

কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৰ এগৰাকী শীৰ্ষ বিষয়াই আজি নিজা বাসভৱনতে ফাঁচী লগাই আত্মহত্য়া কৰে। কোঠাৰ ভিতৰতে উদ্ধাৰ হয় বিষয়াগৰাকীৰ মৃতদেহ।

ৰাজধানী দিল্লীত সংঘটিত হৈছে এই ঘটনা। দিল্লীৰ ডিফেন্স কলনীৰ পৰা আৰক্ষী থানাই পুৱা প্ৰায় ৬.৪৭ মান বজাত এই আত্মহত্যাৰ বিষয়ে তথ্য লাভ কৰিছিল।

কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৰ (চিবিআই) লোধি ৰোড কাৰ্যালয়ত উপ আইনী উপদেষ্টা হিচাপে নিযুক্ত জিতেন্দ্ৰ কুমাৰ (৪৮)ক এছ-২২ ত তেওঁৰ ঘৰত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল।

কুমাৰ হিমাচল প্ৰদেশৰ মাণ্ডি জিলাৰ বাসিন্দা আছিল কৰ্মসূত্ৰে বাস কৰিছিল দিল্লীত। আৰক্ষীয়ে তদন্তত কোঠাৰ ভিতৰৰ পৰা এক চুইচাইড নোটো উদ্ধাৰ কৰে।

সেই চুইচাইড নোটত চিবি আইৰ বিষয়া গৰাকীয়ে লিখা অনুসৰি, তেখেতৰ এই চৰম সিদ্ধান্তৰ বাবে কোনো দায়বদ্ধ নহয়, ইয়াৰ একমাত্ৰ দায়ী তেখেত নিজেই।

বৰ্তমানে বিষয়াগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। পাছে কিয় বিষয়াগৰাকীয়ে এইদৰে নিজকে শেষ কৰি দিয়ে সেই সন্দৰ্ভত বৰ্তমানলৈ কোনো ধৰণৰ তথ্য জানিব পৰা হোৱা নাই।