দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বাসগৃহত চিবিআইৰ অভিযান ! ৫ ঘণ্টা ধৰি চলিচে সোধ-পোচ

0
191

দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বাসগৃহত চিবিআইৰ অভিযান ! ৫ ঘণ্টা ধৰি চলিচে সোধ-পোচ

দিল্লীৰ আবকাৰী নীতিৰ বিষয়ত শুকুৰবাৰে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াকে ধৰি আইএএছ বিষয়া আৰৱ গোপী কৃষ্ণাৰ চৌহদৰ লগতে ২১ টা স্থানত চিবিআইয়ে তালাচী চলায়।

পুৱা ৭:৩০ বজাত চিবিআইৰ দলটো মনীষ চিছোদিয়াৰ ঘৰত উপস্থিত হয় আৰু ছয়জন চিবিআই বিষয়াই মনীষ চিছোদিয়াক সোধা-পোছা কৰে।

দিল্লীৰ বিখ্যাত সুৰা নীতিৰ অনিয়মৰ সন্দৰ্ভত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই) কাৰ্যকৰী হৈছে। চিবিআইৰ দলটোৱে মনীষ চিছোদিয়াৰ ঘৰত ৫ ঘণ্টা ধৰি সোধা-পোচা কৰি আছে।

সূত্ৰঅনুসৰি নতুন আবকাৰী শুল্কত কিছুমান অনিয়মৰ অভিযোগ আছে। ইয়াৰ জৰিয়তে সুৰাৰ অনুজ্ঞাপত্ৰধাৰীসকলক অযথা সুবিধা দিয়াবুলিও অভিযোগ কৰা হৈছে।

প্ৰতিবেদনত কোৱা হৈছে যে এই আঁচনিৰ জৰিয়তে কৰোনাৰ অজুহাতত ঠিকাদাৰৰ পৰা অনুজ্ঞা মাচুল ৰেহাই দিয়া হৈছিল।

এইটো অভিযোগ কৰা হৈছে যে নতুন আবকাৰী নীতিৰ অধীনত লোৱা পদক্ষেপবোৰে ৰাজহৰ বৃহৎ লোকচান কৰিছে । উপ মুখ্যমন্ত্ৰী গৰাকীৰ ঘৰত চিবিআইৰ অভিয়ানৰ কথা মনীষ চিছোদিয়াই নিজে টুইট কৰি কৈছে।

অৱশ্যে বৰ্তমান লৈকে চিবিআইয়ে মনীষ চিছোদিয়াৰ ম’বাইল বা কোনো সামগ্ৰী জব্দ কৰা হোৱা নাই। তথ্য অনুসৰি চিবিআইৰ দলটোৱে প্ৰথমে স্বাভাৱিক অনুসন্ধান কৰিছিল।

কিন্তু পিছত এই নীতি অনাৰ কাৰণ সন্দৰ্ভত মনীষ চিছোদিয়াৰ লিখিত বিবৃতি লিপিবদ্ধ কৰিব বিচাৰিছে। চিবিআইয়ে বিবৃতিটো সম্পূৰ্ণৰূপে বিবেচনা কৰিব আৰু পৰৱৰ্তী সময়ত মনীষ চিছোদিয়াক চিবিআই কাৰ্যালয়লৈ মাতিবও পাৰে