বাদাম বেপাৰীৰ পৰা উৎকোচ লৈ হাতে লোটে ধৰা পৰিল এগৰাকী পৌৰপতি….

0
445
বাদাম বেপাৰীৰ পৰা উৎকোচ লৈ হাতে লোটে ধৰা পৰিল এগৰাকী পৌৰপতি….

বাদাম বেপাৰীৰ পৰা উৎকোচ লৈ হাতে লোটে ধৰা পৰিল এগৰাকী পৌৰপতি….

এগৰাকী পৌৰপতিৰ দুৰৱস্থা, উৎকোচ লৈ হাতে লোটে ধৰা পৰিল চি বি আইৰ হাতত। বাদাম বেপাৰীৰ জৰিয়তে উৎকোচৰ ধন লৈছিল পৌৰপতিগৰাকীয়ে।

চি বি আই য়ে অতি কৌশল কৰি হাতে লোটে ধৰা পেলালে সকলো। চৰকাৰী কাম কৰি দিয়াৰ বাবে সদায়ে উৎকোচ গ্ৰহণ কৰি আহিছিল এগৰাকী চৰকাৰী পৌৰ বিষয়াই।

এই ঘটনা ৰাজধানী দিল্লীৰ। আম আদমী পাৰ্টীৰ এগৰাকী পৌৰপতিয়ে এইদৰে সাধাৰণ কাম কৰি দিয়াৰ বিনিময়ত টকা সংগ্ৰহ কৰি আহিছিল। যাৰ বাবে আজি ১৮ ফেব্ৰুৱাৰী শুকুৰবাৰে দুপৰীয়া পৌৰপতিগৰাকীক হাতে লোটে ধৰাৰ বাবে কৌশল কৰে।

যি গৰাকী বাদাম বেপাৰীৰ জৰিয়তে সাধাৰণতে অন্য লোকৰ দ্বাৰা সংগ্ৰহ কৰা উৎকোচৰ টকা লয়, সেই বাদাম বেপাৰীক আটক কৰি চি বি আইয়ে নিৰ্দিষ্ট মাৰ্ক কৰি দিয়া টকা পৌৰপতিগৰাকীক দিবৰ বাবে দিয়ে।

বাদাম বেপাৰীয়ে সেই টকা উৎকোচৰ ধন বুলি নি দিয়াৰ পাছতে সাধাৰণ বেশত থকা চি বি আইৰ দলে গ্ৰেপ্তাৰ কৰে মহিলা পৌৰপতিগৰাকীক। লগতে সেই বাদাম বেপাৰীকো তেনে বে-আইনী কামত সহায় কৰি দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ কৰে।

আৰু পঢ়ক : ‘আত্মসন্মানত আঘাত’, হিজাব আঁতৰাবলৈ কোৱাৰ বাবেই পদত্যাগ ইংৰাজী প্ৰবক্তাৰ