পৃথিৱীৰ সৰ্বাধিক দামী খাদ্যৰ তালিকাত পৰে এইবিধ খাদ্যও, মূল্য আৰু গুণাগুণ জানক
কেৱিয়াৰ অৰ্থাৎ মাছৰ কণীক আভিযাত্য লোকৰ খাদ্য বুলিও কোৱা হয়। এই খাদ্য কেৱল দেখাৰ আকৰ্ষণৰ বাবেই নহয়, খাদ্যৰ গুণাগুণ, হীৰাৰ দৰে চমক আৰু মাছৰ দৰে সোৱাদে এক লোভনীয় সোৱাদ দিয়ে।
পূৰ্বৰ সময়ত ৰাছিয়াৰ মাছমৰীয়াসকলে কেৱিয়াৰ অথবা মাছৰ কণীক প্ৰতিদিনে খাদ্যত সংযোজন কৰিছিল।
এই কেৱিয়াৰ বিশেষ কেইবিধমান মাছৰ পৰাহে পোৱা যায়। এই কেৱিয়াৰ দেখিবলৈ জলফাইৰঙী, ক’লা, শ্বেত ৰঙৰ অথবা কমলা ৰঙৰ হয়।
এই কেৱিয়াৰ স্টৰ্জিয়ন নামৰ এবিধ প্ৰজাতিৰ মাছৰ পৰা পোৱা যায়। এই মাছটোৰ বিশ্বত কমেও ২৬ টা বেলেগ বেলেগ প্ৰজাতি আছে। এই মাছবিধে ১০০ বছৰৰ ওপৰত জীয়াই থাকে।

বজাৰত ভিন্ন ধৰণৰ কেৱিয়াৰ পোৱা যায়। মানদণ্ড অনুসৰি ৩০ গ্ৰাম কেৱিয়াৰৰ মূল্য ৮০০০ ৰ পৰা ১৮,০০০ টকা পৰ্যন্ত হয়।বেলুগা কেৱিয়াৰ সকলোতকৈ অধিক মূল্যবান।
পূৰ্বতে মাছটো মাৰি কণী উলিওৱা হৈছিল। কিন্তু এতিয়া বৈজ্ঞানিক পদ্ধতিৰে মাছটোক নমৰাকৈয়ে পেটৰ পৰা কণী উলিয়াই লয়।

কেৱিয়াৰত প্ৰচুৰ পৰিমানে ভিটামিন, কেলচিয়াম আৰু মিনাৰেল থাকে।
কেৱিয়াৰত থকা ভিটামিন বি ১২ য়ে অৱসাদ, ডিপ্ৰেশ্যন, এনিমিয়া মস্তিষ্কৰ সমস্যাৰ বাবে উত্তম।
আৰু পঢ়ক : ছাত্ৰ সন্থাৰ কৰ্মীক প্ৰহাৰৰ ক্ষোভ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ আছুৰ