28 C
Guwahati
Saturday, September 18, 2021
More

    ডিব্ৰুগড়ৰ ষ্টেট বেংকৰ ভিতৰত জঘন্য ঘটনা, কেমেৰাত বন্দী হোৱা দৃশ্যই লজ্জানত কৰিছে সভ্য সমাজক

    ডিব্ৰুগড়ৰ ষ্টেট বেংকৰ ভিতৰত জঘন্য ঘটনা, কেমেৰাত বন্দী হোৱা দৃশ্যই লজ্জানত কৰিছে সভ্য সমাজক

    অসমত পুনৰ এবাৰ সংঘটিত হৈছে এক জঘন্য ঘটনা। সভ্য সমাজক লজ্জানত কৰা এক ঘটনা এইবাৰ সংঘটিত হৈছে ডিব্ৰুগড়ত।

    ডিব্ৰুগড়ৰ ষ্টেট বংক অফ ইণ্ডিয়াৰ ব্ৰাঞ্চত এক অশ্লীল ঘটনা সংঘটিত হৈছে। এজন নৰপিশাচে বেংকৰ ভিতৰত শাৰী পাতি থকা এগৰাকী মহিলাক শাৰিৰীক নিৰ্যাতন চলোৱা দৃশ্য বন্দী হৈছে কেমেৰাত।

    বেংকৰ কাউণ্টাৰত শাৰী পাতি থকা এগৰাকী মহিলাক দানৱৰূপী এজন লোকে ইচ্ছাকৃতভাৱে নিজৰ গুপ্তাংগৰে জঘন্য কা্ড সংঘটিত কৰি থকা দৃশ্য কেমেৰাত বন্দী হৈছে।

    সভ্য সমাজক লজ্জানত কৰা দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। আৰু ভাইৰেল হোৱাৰ পিছৰে পৰা সচেতন মহলে গ্ৰেপ্তাৰৰ দাবী জনাইছে বিকৃত মানসিকতাৰ লোকজনৰ।

    জানিব পৰা মতে, এই ঘটনাটো সংঘটিত হৈছে দুদিন পূৰ্বে। এই পৰ্যন্ত পৰিচয় আৰু ঠিকনা উদ্ধাৰ নোহোৱা লোকজনৰ এই কু-কৰ্ম কেমেৰাত বন্দী কৰিছিল কোনো অচিনাক্ত লোকে।

    লোকজনৰ কু-কৰ্ম স্পষ্টৰূপত কেমেৰাত বন্দী হোৱাৰ পিছত ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাত এতিয়া সৰ্বত্ৰে নিকৃষ্ট মানসিকতাৰ লোকজনক গ্ৰেপ্তাৰৰ দাবী উত্থাপন হৈছে।

    ইতিমধ্যে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে এই ঘটনাটোৰ বিষয়ে টুইট কৰি ডিব্ৰুগড় আৰক্ষীক যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰিছে।

    আৰু পঢ়ক : পাকিস্তানৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰি অহা ২ জন সন্ত্ৰাসবাদীসহ ৬ জনক গ্ৰেপ্তাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং