
অপৰাধৰ ৰম্যভূমিলৈ পৰিগনিত হৈছে ৰেল নগৰী লামডিং৷ প্ৰতিদিনেই ভাৰতীয় ৰেলযোগে এটা দুষ্ট চক্ৰই সৰবৰাহ কৰিছে নিচা জাতীয় টেবলেট গাঞ্জাকে ধৰি অনৈতিক সামগ্ৰী তথা টকা৷ তাৰে পৰিপ্ৰেক্ষিতত আজি হোজাই জিলাৰ লামডিং ৰেলৱে ষ্টেচনত জি আৰ পিয়ে অভিযান চলাই ১০ কেজি গাঞ্জা জব্দ কৰাৰ লগতে উদ্ধাৰ কৰে ৪৭ লাখ টকা। দুখন বেলেগ বেলেগ ৰেলত তালাচী চলাই উদ্ধাৰ কৰে এই দুয়োবিধ সামগ্ৰী।
ষ্টেচনৰ নিয়মীয়া তালাচীত নামনিমুৱা তিনিচুকীয়া-লালগড় অৱধ আসাম এক্সপেছৰ পৰা আটক কৰে গাঞ্জা সহ যুৱক জনক। আনহাতে ডিব্ৰুগড়-ৰঙিয়া ৰেলখনত যুৱক সহ উদ্ধাৰ কৰে বেগভৰ্তি লাখ টকা। গাঞ্জা সৰবৰাহকাৰী অভিজিৎ দাসে ডিমাপুৰৰ পৰা লামডিং লৈ গাঞ্জাসমূহ সৰবৰাহ কৰিছিল, আৰু বিকাশ চাহু নামৰ যুৱকজনে নাজিৰাৰ পৰা গুৱাহাটীলৈ লৈ গৈছিল ধনখিনি।

জি আৰ পি বিষয়া প্ৰভাত শইকীয়াৰ তৎপৰতাত জব্দ কৰিবলৈ সক্ষম হয় এই বৃহৎ পৰিমান গাঞ্জা। বৰ্তমানে দুয়োজন যুৱকক লামডিঙ জি আৰ পিয়ে আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে। I
Inputs: Bappi Malakar