
দেশ জুৰি লকডাউন চলি থকাৰ মাজতে দুপৰ নিশা হাজোৰ সৌৰামুৰী ন-পাৰা চুবুৰীত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। গৰু চুৰি কৰিবলৈ অহা বুলি সন্দেহ কৰি তিনি লোকক গণপ্ৰহাৰ উত্তেজিত স্থানীয় লোকৰ। লগতে জ্বলাই দিলে এইখন MAXIMO বাহনো। বাহনখনৰ নম্বৰ AS 25 CC6606।
উল্লেখযোগ্য যে হাজো সমষ্টিৰ অন্তৰ্গত কঞা থানাৰ অন্তৰ্গত বৃহত্তৰ সৌৰামুৰী অঞ্চলত বিগত লকডাউনৰ সময় চোৱাত কেইবাটাও গৰু চুৰি ঘটনা সংঘটিত হৈছে। বহু কৃষকৰ গৰু চোৰে চুৰি কৰি নিয়াত গাওঁ বাসী প্ৰতিদিনে নিশাৰ ভাগত পহৰা দিয়াৰ ব্যৱস্থা কৰিছে।

কিন্তু তেনে এক সময়ত নিশা এক বজাত গাঁও খনত তিনিজন লোকে গাড়ীসহ প্ৰৱেশ কৰাত সন্দেহৰ অৱৰ্তত সোমাই পৰে সমগ্ৰ বিষয়টো। সন্দেহ জনক লোক দেখাৰ লগে লগে উপস্থিত থকা লোকসকলে তিনিও জন লোককে প্ৰথমে মাৰপিত কৰে আৰু পিছত আৰক্ষীক গতাই দিয়ে।
যদিও একাংশই লোক তিনিজনে লৈ অহা MAXIMO বাহনখন জ্বলাই দিয়ে। পিছত ঘটনাস্থলীত আৰক্ষীৰ উচ্চ পদস্থ বিষয়া উপস্থিত হয় যদিও লোক তিনিজনৰ বিষয়ে জানিব পৰা হোৱা নাই, কি কাৰণত এনেদৰে নিশা গাঁওখনত প্ৰৱেশ কৰিছিল তেওঁলোকে। আটকাধিন লোক ৩জনৰ নাম চাহাবুদ্দিন মীৰ, ইমান খান, শুকুৰ আলী আৰু তিনিওৰে ঘৰ হাজোৰ চৰাবড়ীত।
Photo Credit: @mridulpritomdeka